নগাঁও: নগাঁও আদলতত চাঞ্চল্যকৰ অভি-নীল হত্যাকান্ডৰ বিচাৰ প্ৰক্ৰিয়া পূৰ্ণগতিত চলিছে | ২০১৮ বৰ্ষৰ জুন মাহত কাৰ্বি আংলংৰ ডকমকাত সংঘটিত নিলোৎপল অভিজিৎ হত্যাকাণ্ডৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে ডিফু আদালতৰ বিপৰীতে চলি আছে নগাঁও আদালতত।
ডিফু আৰক্ষীয়ে গোচৰটোৰ ৪৭ জনকৈ অভিযুক্তক গ্ৰেপ্তাৰ কৰি আদালতত দাখিল কৰিছিল অভিযোগনামা। গোচৰটোত ইতিমধ্যে ৫১ জনৰ সাক্ষ্য গ্ৰহণৰ পিছত নগাঁও আদালতে গ্ৰহণ কৰে ডিফু আদালতৰ ন্যায়াধীশৰ সাক্ষ্য। ডিফু আদালতত ১৬৪ চি আৰ পি চিৰ অধীনত সাক্ষ্য লোৱা ন্যায়াধীশৰ সাক্ষ্য গ্ৰহণৰ পিছত শনিবাৰে দুগৰাকী ন্যায়াধীশক জেৰা কৰে অভিযুক্ত পক্ষৰ অধিবক্তা মানস শৰণীয়াই।
উল্লেখ্য যে ডিফু আদালতত গোচৰটো চলি থকা সময়ত ১৩ জনৰ সাক্ষী ৰেকৰ্ড কৰিছিল ।১২ ফেব্ৰুৱাৰীত পৰবৰ্তী শুনানী আছে । শণিবাৰে নগাঁও আদালতত ক্ষীপ্ৰতাৰে চলি থকা গোচৰটোৰ বিচাৰৰ সময়ত আদালতত উপস্থিত থকাৰ পিছত প্ৰক্ৰিয়া অতি কম সময়ৰ ভিতৰত সম্পন্ন হব বুলি আশাবাদী নীল অভিৰ পৰিয়ালৰ লোক।