অভয়াপুৰীৰ গান্ধী ময়দানত জাতীয় ঐক্য সমাৰোহ

অভয়াপুৰী- বঙাইগাঁও জিলাৰ, অভয়াপুৰীৰ গান্ধী ময়দান খেল পথাৰত অনুষ্ঠিত হয় অসম গণ পৰিষদ দলৰ জাতীয় ঐক্য সমাৰোহ |

অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু অভয়াপুৰী উত্তৰ আৰু দক্ষিণ বিধান পৰিষদৰ সৌজন্যত অভয়াপুৰীৰ গান্ধী ময়দানত অনুষ্ঠিত “জাতীয় ঐক্য সমাৰোহ”ত হাজাৰ হাজাৰ ৰাইজে অংশগ্ৰহণ কৰে |

অনুষ্ঠানত অংশ লৈ অগপ সভাপতি অতুল বৰাই দলটোৰ প্ৰতি ৰাইজৰ আশীৰ্বাদ, বিশ্বাস তথা আস্থাই অনাগত ভৱিষ্যতত আমাক আৰু অধিক উৎসাহ-অনুপ্ৰেৰণা যোগাব বুলি উল্লেখ কৰে ৷

অভয়াপুৰীৰ গান্ধী ময়দানত জাতীয় ঐক্য সমাৰোহ

সমাৰোহত উপস্থিত আছিল অগপৰ জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰী, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, সাধাৰণ সম্পাদক তথা প্ৰাক্তন বিধায়ক ভূপেন ৰয়, বৰপেটাৰ বিধায়ক গুণীন দাস, প্ৰাক্তন বিধায়ক তথা জ্যেষ্ঠ নেতা ডঃ মনোৰঞ্জন দাস, জ্যোতিষ দাস, জ্যোতিপ্ৰসাদ দাস, প্ৰাক্তন বিধায়ক জাভেদ ইছলাম, উপ-সভাপতি সুনীল ডেকা, মহিলা পৰিষদৰ সভানেত্ৰী বৰোদা কলিতা, সাংস্কৃতিক পৰিষদৰ সভানেত্ৰী কল্পনা পাটোৱাৰীকে ধৰি কেইবাগৰাকী কেন্দ্ৰীয় নেতা, যুৱ পৰিষদ আৰু ছাত্ৰ পৰিষদৰ সভাপতি, বিধান পৰিষদৰ বিষয়ববীয়া৷

সভাৰ আৰম্ভণিতে অভয়াপুৰীত “জাতীয় ঐক্য সমাৰোহ” উপলক্ষে উলিওৱা বাইক ৰেলীত অংশগ্ৰহণ কৰে সভাপতি অতুল বৰা সহ কেইবাজনো কেন্দ্ৰীয় নেতৃত্বই |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply