বঙাইগাঁও – বঙাইগাঁও জিলাৰ অভয়াপুৰীত ছাত্ৰবৃত্তিৰ নামত ভয়ংকৰ জালিয়াতিৰ ঘটনা পোহৰলৈ আহিছে। অভিযোগ অনুসৰি বিদ্যালয় কৰ্তৃপক্ষৰ স’তে গোপন বুজাবুজিৰে অভয়াপুৰীৰ NM Service Point and Internet Cafe নামৰ প্ৰতিষ্ঠানটোৱে অবাধ লুণ্ঠন। অভয়াপুৰীৰ ঐতিহ্যমণ্ডিত বিদ্যালয়ৰ অভয়েশ্বৰী উচ্চতৰ মাধ্যমিক আৰু বহুমূখী বিদ্যালয়ৰ একাংশ শিক্ষক তথা কৰ্মচাৰীৰে মিলি ছাত্ৰবৃত্তিৰ নামত কেফেখনে চলাইছিল অবাধ লুণ্ঠন।

উল্লেখ্য যে বিদ্যালয়খনৰ পৰ্টেলৰ Login ID আৰু Password গোপনে কেফেখনক যোগান ধৰিছিল বিদ্যালয় কৰ্তৃপক্ষই। তাৰ পিছৰে পৰা কেফে খনে চলাই গৈছিল ছাত্ৰ বৃত্তিৰ ধনৰ বৃহৎ কেলেংকাৰী। অভিযোগ অনুসৰি কেফেখনৰ পৰা ছাত্ৰবৃত্তিৰ আবেদন কৰিলেহে আবেদন গ্ৰহণযোগ্য হয়। বিদ্যালয়ৰ অধ্যক্ষা মীনাকুমাৰী মণ্ডলে ছাত্ৰ-ছাত্ৰীক নিৰ্দেশ দিছিল এই কেফেখনত ছাত্ৰবৃত্তিৰ প্ৰ-পত্ৰ পূৰণ কৰাৰ বাবে।

আনহাতে, এজন ছাত্ৰৰ পৰা প্ৰপত্ৰ পূৰণৰ নামত কেফেখনে সংগ্ৰহ কৰিছিল ৫০০ টকাকৈ । প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ পৰা ৫০০ টকাকৈ লোৱাৰ তথ্য পোহৰলৈ অহাৰ পিছত নিজক বচাবলৈ অভয়েশ্বৰী উচ্চতৰ মাধ্যমিক আৰু বহুমূখী বিদ্যালয়ৰ অধ্যক্ষাই বিদ্যালয়ৰ আই ডি আৰু পাছৱৰ্ড হেক কৰাৰ অভিযোগ তুলি অভয়াপুৰী থানাত এজাহাৰ দাখিল কৰিছিল ।

ঘটনা সন্দৰ্ভত অভয়াপুৰী আৰক্ষীৰ অভিযান আৰম্ভ কৰে আৰু কেফেখনৰ মকিবুল ইছলাম, আশ্ৰাফুল ইছলাম আৰু নুৰ মহম্মদক আটক কৰে । আৰক্ষীয়ে কেফেখনত তদন্ত চলাই কম্পিউটাৰ, লেপটপকে ধৰি বহু নথি-পত্ৰ জব্দ কৰে । তিনিবছৰ ধৰি কেফেখনত চলি অহা এনে দুষ্কাৰ্য আৰু সমগ্ৰ ঘটনাৰ তদন্ত বিচাৰিছে বঙাইগাঁও আছুৱে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply