ৰাইজে জব্দ কৰিলে শাল কাঠৰ কুণ্ডা ভৰ্তি ট্ৰাক

বঙাইগাঁও – ৰাইজে জব্দ কৰিলে শাল কাঠৰ কুণ্ডা ভৰ্তি ট্ৰাক। অভয়াপুৰীত নিশা ৰাইজে জব্দ কৰে শাল কাঠৰ কুণ্ডা ভৰ্তি এখন ট্ৰাক। ৰাইজে শাল কাঠৰ কুণ্ডা ভৰ্তি ট্ৰাকখন গতাই দিয়ে আৰক্ষীক। আৰক্ষীয়ে বন বিভাগক গতাই দিয়া শাল কাঠৰ কুণ্ডাৰ মূল্য তিনি লাখ টকা হ’ব বুলি অনুমান কৰা হৈছে।

বঙাইগাঁও জিলাৰ অভয়াপুৰীত শুকুৰবাৰে নিশা ৰাইজে জব্দ কৰে শাল কাঠৰ কুণ্ডা ভৰ্তি এখন ট্ৰাক। ট্ৰাকখন বঙাইগাঁওৰ ৰাজপথত ৰাখি থকা অৱস্থাত ৰাইজে প্ৰত্যক্ষ কৰি সন্দেহ ওপজেত ৰাইজে আৰক্ষীক খবৰ দিয়ে। ৰাইজৰ খবৰৰ ভিত্তিত আৰক্ষীয়ে ট্ৰাকখন জব্দ কৰি ট্ৰাকখনৰ পৰা ৫৯ টাকৈ শাল কাঠৰ কুণ্ডা উদ্ধাৰ কৰে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে এছ-১৮-২৩৬৩ নম্বৰৰ ট্ৰাকখন বৰপেটাৰ দিশে গৈ থকা অৱস্থাত ৰাইজে জব্দ কৰে। ট্ৰাকখনৰ পৰা উদ্ধাৰ হোৱা মুঠ ৫৯ টা শাল গছৰ কুণ্ডাৰ মূল্য তিনি লাখ টকা হ’ব বুলিও জানিবলৈ দিয়ে আৰক্ষীয়ে। আৰক্ষীয়ে নিশাই ট্ৰাকখন অভয়াপুৰী বন বিভাগক গতাই দিয়ে।

আৰক্ষীয়ে ট্ৰাকখনত থকা শাল কাঠৰ কুণ্ডা সমূহৰ চালান পৰীক্ষা কৰে যদিও আৰক্ষীয়ে বন বিভাগক ট্ৰাকখন গতাই দিয়ে। বন বিভাগে তদন্ত অব্যাহত ৰাখিছে শাল কাঠৰ কুণ্ডাখিনি বৈধ নে অবৈধ পৰীক্ষাৰ বাবে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply