নিউজ ডেস্ক: পশ্চিম বংগৰ ৰাজনীতিত বিজেপিয়ে কেনেদৰে খোপনি পুতিব পাৰে তাক লৈ গৃহমন্ত্ৰী অমিত শ্বাহে আৰম্ভ কৰিছে কেতবোৰ নতুন কৌশল | নিৰ্বাচনী বৈতৰণী পাৰ হ’বৰ বাবেই সকলো ধৰণৰ চেষ্টা অব্যাহত ৰাখিছে বিজেপিয়ে | তেনে এক কাৰ্যসূচী লৈ অমিত শ্বাহে আজি চিৰাঙত প্ৰভাবশালী ৰাজবংশী অনন্ত মহাৰাজ ওৰফে নেতা অনন্ত ৰায়ক |
কোচবিহাৰৰ কোচ ৰজাৰ বংশধৰ বুলি দাবী কৰা অনন্ত ৰায় ওৰফে অনন্ত মহাৰাজৰ সৈতে তৃণমূল কংগ্ৰেছ দলৰ সংঘাতৰ বাবে দীৰ্ঘ দিন ধৰি অসমতে বাহৰ পাতি আছে | কোচবিহাৰত থকা ৰাজবংশী জনগোষ্ঠীটোৰ সৈতে বিশেষ প্ৰভাব থকা অনন্ত মহাৰাজক আগন্তুক পশ্চিমবংগ নিৰ্বাচনত বিজেপিৰ সৈতে সহযোগীতাৰ বাবেই গৃহ মন্ত্ৰী জনৰ এই ভ্ৰমণ বুলি ৰাজনৈতিক মহলত প্ৰকাশ | অনন্ত ৰায় গ্ৰেটাৰ কোচবিহাৰ পিপুলছ এছ’চিয়েশ্বনৰ প্ৰতিষ্ঠাপক, বিশেষকৈ উত্তৰ বংগত ৰাজবংশী জনগোষ্ঠীৰ মাজত যথেষ্ট প্ৰভাব আছে সংগঠনটোৰ |

যোৱা সময়চোৱাত মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছ দলে অনন্ত ৰায়ৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি আছিল যদিও তৃণমূলৰ প্ৰস্তাব মানি নোলোৱাত মমতা বেনাৰ্জীৰ ৰোষত পৰিব লগা হয় | বিত্তীয় অনিয়মৰ অভিযোগ তুলি মমতা চৰকাৰে গ্ৰেপ্তাৰ কৰিবলৈ কৌশল ৰচনা কৰা সময়তে অনন্ত ৰায় আহি যোৱা ২০১৬ চনৰ পৰা অসমত আশ্ৰয় লয় | কোচবিহাৰক পৃথক ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চল ঘোষণাৰ দাবীত অনন্ত ৰায়ৰ নেতৃত্বতে গ্ৰেটাৰ কোচবিহাৰ পিপুলছ এছ’চিয়েশ্বনে আন্দোলন অব্যাহত ৰাখিছে | যোৱা সময়চোৱাত বিজেপি দলে এই নেতাজনৰ সৈতে সম্পৰ্ক অব্যাহত ৰাখিছে |
আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে এই নেতাজনৰ পৰা সহায় ল’ব পাৰে তাৰবাবেই গৃহমন্ত্ৰী অমিত শ্বাহ ছিৰাঙৰ ছাটিপুৰত থকা ৰাজহাউলিত উপস্থিত হয় | দুয়ো গৰাকী নেতাই ব্যক্তিগত আলোচনাত আগন্তুক নিৰ্বাচনত উত্তৰ বংগৰ ৰাজনীতিক লৈ কি ৰণকৌশল ৰচনা কৰিলে আগন্তুক কাৰ্যপন্থাতেই পোহৰলৈ আহিব |