নগাঁও – অসমতো আৰম্ভ হ’ব নেকি কৃষকৰ আন্দোলন? দিল্লীৰ কৃষক আন্দোলনৰ দৰে অসমতো গঢ়ি তোলা হ’ব নেকি কৃষক আন্দোলন? বামুনী মিকিৰ গ্ৰাণ্টৰ কৃষক সকলক দিল্লীৰ কৃষক আন্দোলনৰ দৰে আন্দোলন গঢ়ি তোলাৰ আহ্বান অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাৰ।

কেন্দ্ৰীয় চৰকাৰে তিনিখনকৈ কৃষি আইন বলবত কৰাৰ পিছতে দিল্লীত যোৱা এমাহ ধৰি অব্যাহত আছে কৃষক সকলৰ আন্দোলন। চৰকাৰে বলবত কৰা এই তিনিখন কৃষি আইন বাতিল কৰাৰ দাবীত এমাহ ধৰি প্ৰবল শীতকো নেওচি দিনে-নিশাই কৃষক সকল ৰাজপথ অৱৰোধ কৰি ৰাখিছে। ইয়াৰ মাজতে দিল্লীৰ এই কৃষক আন্দোলনৰ দৰে আন্দোলন গঢ়ি তুলিবলৈ নগাঁও জিলাৰ মিকিৰ বামুনী গ্ৰাণ্টৰ কৃষক সকলক আহ্বান জনাইছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই।

উল্লেখ্য যে, নগাঁও জিলাৰ বঢ়মপুৰৰ মিকিৰ বামুনী গ্ৰাণ্টৰ ৰায়তী খতিয়ান প্ৰাপ্ত কৃষিভূমিৰ পৰা দখল দাৰী কৃষক সকলক ৰাজ্য চৰকাৰে উচ্ছেদ কৰি ব্যক্তিগত কোম্পানীক গতাই দিব বিচৰা কাৰ্যক গৰিহণা দিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰাই। অসম চৰকাৰৰ অনুমোদন সাপেক্ষে এ পি ডি চি এলৰ জৰিয়তে “আজুৰ”কোম্পানীয়ে বঢ়মপুৰৰ মিকিৰ বামুণী গ্ৰাণ্টত সৌৰশক্তিৰে বিদ্যুৎ বিতৰণৰ এক ব্যয়বহুল প্ৰকল্পৰ নিৰ্মাণৰ কাম পূৰ্ণোদ্যমে চলাই আহিছে।

মিকিৰ বামুনী গ্ৰাণ্টৰ দখল দাৰী কৃষক সকলক উচ্ছেদ কৰিব বিচৰা কাৰ্যক লৈ ইতিমধ্যে মিকিৰ বামুণী গ্ৰাণ্টত বিগত দিন সমূহত অপ্ৰীতিকৰ পৰিৱেশ বিৰাজ কৰা পৰিলক্ষিত হৈছে। মিকিৰ বামুনী গ্ৰাণ্টৰ কৃষক সকলৰ কাষত অসম অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰা উপস্থিত হৈ এজনো কৃষকৰ কৃষিভূমি বহিৰাগত বণিক গোষ্ঠীক গতাই দিয়া নহ’ব বুলি হুংকাৰ দিয়াৰ লগতে বঢ়মপুৰৰ বামুনী মিকিৰ গ্ৰাণ্টৰ ৰায়তী খতিয়ান প্ৰাপ্ত কৃষক সকলক উচ্ছেদ কৰাটো দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে।

বামুনী মিকিৰ গ্ৰাণ্টৰ কৃষক সকলৰ সমস্যা আৰু আন্দোলনত কংগ্ৰেছ দলে সমৰ্থন আগবঢ়াব বুলিও মন্তব্য কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৰাকীয়ে। উল্লেখ্য যে কিছুদিন পূৰ্বে আৰক্ষীয়ে মিকিৰ বামুনী গ্ৰাণ্টৰ কৃষক সকলক উচ্ছেদ কৰা চেষ্টা চলাওঁতে এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল। আৰক্ষীৰ লাটি চালনাত মহিলাকে ধৰি আহত হৈছিল কেইবাগৰাকী লোক।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply