নিউজ ডেস্ক- অসমতো বলবৎ হ’ব পাৰে ‘লাভ জেহাদ’ বিৰোধী আইন। ইতিমধ্য়ে আইনখনৰ খচৰা প্ৰস্তুত কৰিছে ৰাজ্য় চৰকাৰে। ৰাষ্ট্ৰীয় সংবাদমাধ্য়মত এই সন্দৰ্ভত প্ৰকাশ পাইছে। ৰাজ্য়ত বৃদ্ধি পোৱা নাৰী বিৰোধী অপৰাধ ৰোধৰ চেষ্টাৰ বাবে এই চিন্তা-চৰ্চা কৰিছে ৰাজ্য় চৰকাৰে।

এই নতুন আইন অনুসৰি বিবাহৰ পঞ্জীয়নৰ এমাহ পূৰ্বে বিবাহ প্ৰাৰ্থী দুজনে জমা দিব লাগিব নিজৰ ধৰ্ম, পৰিয়াল আৰু আয়ৰ বিষয়ে সবিশেষ তথ্য ৷ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কয়, ‘ আমাৰ ধাৰণাটো লাভ জেহাদ নহয়। এই আইনৰ যোগেৰে ভগ্নী সকলক শক্তিশালী কৰাৰ বাবে এই পদক্ষেপ’ ।

বিবাহপ্ৰাৰ্থী ল’ৰাজন কোনো বে-আইনী ব্যৱসায়ত জড়িত থাকি কন্যা পক্ষক আভুৱাভাৰিবলৈ বিচাৰিলে তাৰপৰা ৰক্ষা কৰাৰ উদ্দেশ্যেৰে বনোৱা হৈছে এই আইন বুলি মন্তব্য কৰে মন্ত্ৰীজনে ৷

অহা বছৰ হ’ব লগা নিৰ্বাচনত জয় হ’ব বুলি নিশ্চিত থকা বিজেপি দলৰ এয়া এক নতুন কৌশল জনতাই বিৰোধিতা কৰিব পৰা আইন প্ৰণয়ন কৰাৰ ৷

ইতিমধ্য়ে উত্তৰপ্ৰদেশত বলবৎ হৈছে এই আইনখন। মধ্য়প্ৰদেশ ,কৰ্ণাটকত অতি শীৰ্ঘ্ৰেই বলবৎ হ’ব এই আইনখন। বিবাহৰ ক্ষেত্ৰত স্বচ্ছতা আনিবলৈ এই পদক্ষেপ ৰাজ্য় চৰকাৰৰ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply