গুৱাহাটী:- খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ আজি পবিত্ৰ ধৰ্মীয় উৎসৱ বৰদিন। বৰদিন উপলক্ষে বিশ্বজুৰি খ্ৰীষ্টানধৰ্মৰ লোকসকলৰ মাজত থকা উছাহ উদ্দীপনা এইবাৰ কৰোণা সৃষ্ট পৰিবেশৰ বাবে কিছু ম্লান পৰা দেখা গৈছে | অসমতো পূৰ্বৰ তুলনাত এইবাৰ অনুষ্টুপীয়াকৈ আয়োজন হৈছে বৰদিন।
অনাড়ম্বৰভাৱে বিভিন্নৰঙী আলোকসজ্জাৰে মহানগৰীৰ গীৰ্জাসমূহ সজাই তুলিছে যদিও গীৰ্জালৈ আহিব লগা লোকৰ সংখ্যা কিছু সীমিত কৰিছে | ইয়াৰ মাজতে পবিত্ৰ দিনটো উদযাপন কৰাৰ বাবে ওলাই আহিছে কিছু লোক | আগতে আজিৰ দিনটোত কেৰলৰ ধব্বনিৰে মুখৰিত হৈছিল গীৰ্জাসমূহ। এইবাৰ এই কাৰ্যসূচী বাতিল কৰিছে | গুৱাহাটীৰ পানবজাৰৰ ছেন্ট জোচেফ চাৰ্ছ আৰু বেপ্ট্ছ গীৰ্জালৈ পুৱাৰ পৰাই লোক আহিছে যদিও সীমিত সংখ্যক লোককহে সোমাবলৈ অনুমতি দিয়া হৈছে |

আজি পুৱা ৯ বজাৰ পৰা গীৰ্জাত উপস্থিত হৈ প্ৰাৰ্থনা কৰিবলৈ অনুমতি দিয়া হৈছে | এই ক্ষেত্ৰত কোভিড নিয়ম সকলোৱে মানি চলিব বাধ্যতামূলক কৰিছে | ৰুক্মিণী গাৱত থকা দিছপুৰ কেথলিক গীৰ্জাটো ভক্তৰ সমাবেশ হৈছে | গীৰ্জাৰ বাহিৰতেই মম আদি জ্বলোৱাৰ ব্যবস্থা কৰিছে | দুই এক প্ৰৰ্দশনীৰো ব্যৱস্থা কৰিছে | পুৱাৰে পৰা কিছু লোক আহিছে যদিও আগৰ তুলনাত এই সংখ্যা তেনেই কম দেখা গৈছে |