কৰ’নাই মানৱ জীৱনলৈ চৰম ভাবুকি আনি থকাৰ সময়তে আফ্রিকান ছোৱাইন ফিভাৰেও অসমৰ একাংশ উদ্যোগী গাহৰি পালকৰ জীৱনলৈ অমানিশা নমাই আনিছে৷ উল্লেখযোগ্য যে শেহতীয়াকৈ আফ্রিকান ছোৱাইন ফিভাৰত ৰাজ্যৰ হাজাৰ হাজাৰ গাহৰিৰ মৃত্যু হৈছে৷ এই ৰোগৰ কোনো প্রতিষেধক নথকাৰ ফলত এই বেমাৰ ৰোধ কৰিব পৰা হোৱা নাই৷ অসমৰ বহু ব্যৱসায়ীয়ে বিজ্ঞানসন্মতভাৱে গাহৰি ফার্ম খুলি নিজে স্বাৱলম্বনৰ পথ উলিয়াই লোৱাৰ উপৰি আন বহুজনক সংস্থাপিত কৰি আহিছে৷
তাৰ মাজতে গাহৰি পালকসকল আফ্রিকান ছোৱাইন ফিভাৰৰ প্রত্যাহবানৰ সন্মুখীন হোৱাত এতিয়া মূৰে-কপালে হাত দিবলগীয়া অৱস্থা হৈছে৷ উদাহৰণ স্বৰূপে ডিব্রুগড় জিলাৰ খোৱাং অঞ্চলত কেইগৰাকীমান উদ্যোগী যুৱকে পিথুবৰ ফার্ম নামেৰে গাহৰি ফার্ম খুলি উপার্জনৰ পথ বিচাৰি লৈছিল৷ চৰকাৰী চাকৰিমুখী নোহোৱা এই যুৱককেইজনৰ আটাই উচচশিক্ষিত৷ ব্যৱসায়ে এক গতি লাভ কৰাৰ সময়তে হঠাৎ আফ্রিকান ছোৱাইন ফিভাৰে ফার্মখনৰ 280টা গাহৰিৰ প্রাণ লোৱাত তেওঁলোকৰ হাহাকাৰ অৱস্থা হৈছে৷
এইৰোগৰ দ্রুত সংক্রমণে শ’লঠেকত পেলাইছে তেওঁলোকক৷ পিখুবৰ ফার্মৰ পালক, ব্যৱসায়ী দিগন্ত শইকীয়াই জনায় যে যোৱা আগষ্ট মাহৰ পৰা এই ৰোগে ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ তেওঁ কয় যে বর্তমানেও এই ফিভাৰৰ প্রতিষেধক ওলোৱা নাই আৰু ৰাজ্যৰ কৃষি আৰু পশুপালন মন্ত্রী অতুল বৰাইও ক্ষতিগ্রস্ত পালকসকলক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা লোৱা নাই৷ জীৱিকাৰ একমাত্র সম্বল এই ফার্মৰ ব্যৱসায় এইদৰে চলাই নিব লগা হোৱাত এক অনিশ্চয়তাত দিন কটাবলগীয়া হৈছে৷
ব্যৱসায়ীজনে কয় যে পালিত পশুবোৰ যন্ত্র নহয়, ফার্মখন কাৰখানা নহয় যে কেইদিনমানৰ বাবে বন্ধ কৰি দিয়া যাব৷ এই পশুবোৰ খাদ্য আৰু ঔষধৰ বাবে আমাৰ ওপৰতেই নির্ভৰশীল৷ তেওঁ আৰু জনায় যে বিগত লকডাউনৰ সময়ছোৱাত পিথুবৰ ফার্মৰ গাহৰি বিক্রী বন্ধ হ’ল৷ সেই অনুপাতে গাহৰিৰ সংখ্যা বাঢ়িল৷ অসম চৰকাৰৰ পশুপালন বিভাগে গাহৰিৰ মাংস বিক্রী বন্ধ কৰা, গাহৰি আমদানি কৰা বন্ধৰ নির্দেশনা জাৰি কৰিলে৷ আফ্রিকান ছোৱাইন ফিভাৰ সংক্রমণৰ ভয়াৱহতাৰ প্রতি লক্ষ্য ৰাখি আনকি লাখ লাখ গাহৰি মাৰিবৰ হেতু নির্দেশনা দিয়ে৷
ফলত গাহৰি পালকসকল আর্থিক দিশত ক্ষতি হ’ল৷ উল্লেখযোগ্য যে পিথুবৰ ফার্মখনৰ 280টা গাহৰি ৰোগত মৃত্যু হোৱাৰ উপৰি প্রাপ্ত তথ্য মতে লখিমপুৰৰ বিদর্ভ ৰাজখোৱাৰ 300টা আৰু গহপুৰৰ ৰাজীৱ বৰাৰ 200টা গাহৰিৰ মৃত্যু হ’ল৷ এয়া মাত্র এক সাধাৰণ উদাহৰণহে৷ দিগন্ত, বির্দভ, ৰাজীৱ বৰাৰ দৰে বহু গাহৰি পালকে সামান্য অংশও ক্ষতিপূৰণ চৰকাৰৰ ঘৰৰ পৰা পোৱা নাই৷ চৰকাৰে এইক্ষেত্রত কি ব্যৱস্থা গ্রহণ কৰিব সেয়া লক্ষণীয় হৈ পৰিছে৷
গাহৰি পালনৰ বাবে ফার্ম স্থাপন কৰিবলৈ এইসকল উদ্যোগীয়ে বেংকৰ পৰা ঋণ লৈ এতিয়া হাবাথুৰি খাইছে৷ উপার্জনৰ পথ বন্ধ হৈ পৰাত আর্থিক অনাটনৰ বাবে পশুধনক খাদ্য, ঔষধ যোগান ধৰা, কর্মচাৰীৰ মজুৰি পৰিশোধ কৰা আদি অনেক সমস্যা সমাধান কৰাটো একপ্রকাৰে অসম্ভৱ হৈ পৰিছে৷ দিনৰ পাছত মাহ, মাহৰ পাছত বছৰজোৰা কঠোৰ শ্রমৰ বিনিময়ত এটা ভাইৰাছৰ আক্রমণত এনে থলুৱা উদ্যোগীৰ ফার্মসমূহ যেতিয়া শূন্য হৈ পৰে তেতিয়া তেওঁলোকৰ জীৱন কি হ’ব সেয়া সহজেই অনুমেয়৷ এইক্ষেত্র চৰকাৰৰ কৰণীয় নাইনে? এইসকলৰ দায়িত্ব চৰকাৰে নল’লে ভৱিষ্যতৰ দিনত কোনোৱে চৰম পন্থা অৱলম্বন কৰিলে পৰিস্থিতি নিয়ন্ত্রণৰ বাহিৰলৈ যোৱাৰ আশংকা আছে৷