নগাওঁ – ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই আজি ঘোষণা কৰে যে ৰাজ্যত ক’ভিড-১৯ ভেকচিন উপলব্ধ হোৱা মাত্ৰকে সম্পূৰ্ণ বিনামূল্যেই বিতৰণ কৰা হ’ব।

মন্ত্ৰী ড. শৰ্মাই আজি নগাওঁত অনুষ্ঠিত এক বৈঠকত অংশগ্ৰহণ কৰি কয়, “অসমৰ বাবে ক’ভিড-১৯ ভেকচিন অৱশ্যেই বিনামূলীয়া হ’ব। ভাৰত চৰকাৰেও ইতিমধ্যেই সিদ্ধান্ত গ্ৰহণ কৰিছে যে এই ভেকচিন সম্পূৰ্ণ বিনামূলীয়াকৈ বিতৰণ কৰা হ’ব।”

উল্লেখ্য যে এইপৰ্যন্ত অসমত ২,০৩,২৮২ ক’ভিড-১৯ ত আক্ৰান্ত হোৱাৰ ঘটনা পোহৰলৈ আহিছে। বৃহস্পতিবাৰেও ৰাজ্যত ৫০৮ টা ক’ভিড-১৯ পজিটিভৰ ঘটনা পোৱা গৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply