বোকাখাত: যোৱা বৰ্ষটো আতংকই বিৰাজ কৰি থকাৰ পিছত আজিৰে পৰা আৰম্ভ অসমতো আৰম্ভ হৈছে ক’ভিডৰ টীকাকৰণ I অসমত প্ৰথমটো ক’ভিড ভেকচিন ল’লে বোকাখাতৰ চিকিৎসক মিলন কুমাৰ লস্কৰে I
বহু জল্পনা কল্পনাৰ অন্তত আজি সমগ্ৰ দেশতে আৰম্ভ হৈছে কোভিড ভেকচিনৰ প্ৰক্ৰিয়া। অসমতো কোৰোণাৰ ভেকচিন প্ৰদানৰ বাবে বিশেষ পদক্ষেপ হাতত লোৱা হৈছে। অসমত কোভিড ভেকচিনৰ শুভাৰম্ভ কৰে ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণাৱল আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
অসমত প্ৰথমটো ক’ভিড ভেকচিন ল’লে বোকাখাতৰ চিকিৎসক মিলন কুমাৰ লস্কৰে । আনহাতে ডাঃ উমেশ চন্দ্র শর্মা,ডাঃ ধ্রুৱজ্যোতি বৰা,ডাঃ ইলিয়াছ আলী,ডাঃ বিভাস চন্দ্র গোস্বামী,ডাঃ সুভাষ খান্না,ডাঃ হর্ষ ভট্টাচার্য,ডাঃ ৰথিন ভূঞা,ডাঃ অনুপ বর্মন,ডাঃ অচ্যুত বৈশ্য,ডাঃ অভিজিৎ শর্মা,ডাঃ ব্রজেন লহকৰ,ডাঃ মনোজ চৌধুৰীৰ দৰে জেষ্ঠ চিকিৎসক সকলেও প্ৰথম পৰ্যায়তে ল’ব কৰোনা ভেকচিন।