সাংসদ গৌৰব গগৈৰ নেতৃত্বত গোলাঘাটত কংগ্ৰেছৰ প্ৰতিবাদ

গোলাঘাট: অজন্তা নেওগৰ কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰা পিছত গোলাঘাটত কংগ্ৰেছৰ ভেটি থৰক বৰক হৈ পৰাৰ পিছত জিলাখনৰ কংগ্ৰেছ কৰ্মীসকলৰ মাজত মনোবল বৃদ্ধিত নামি পৰিছে সাংসদ গৌৰব গগৈ | সাংসদ

সাংসদ গৌৰৱ গগৈৰ নেতৃত্বত গোলাঘাটত কংগ্ৰেছৰ প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰীৰে হতাহতিত লিপ্ত আৰক্ষী, অৰ্ধসামৰিক বাহিনী। কৃষক আইন বাতিল আৰু মূল্যবৃদ্ধিৰ বিৰুদ্ধে  গোলাঘাট জিলা কংগ্ৰেছৰ কাৰ্যালয়ৰ পৰা কংগ্ৰেছ দলে বাহিৰ কৰিছিল জোঁৰ সমদল। জোঁৰ সমদলত বাধা আৰোপ কৰিছিল আৰক্ষীয়ে। আৰক্ষীৰ বাধা অমান্য কৰাৰ বাবে  প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত খণ্ডযুদ্ধৰ সৃষ্টি হয়।

গোলাঘাট জিলা কংগ্ৰেছৰ কাৰ্যালয়ৰ পৰা কংগ্ৰেছৰ জোঁৰ সমদল

আৰক্ষীৰ সৈতে তৰ্কাতৰ্কিত লিপ্ত হয় সাংসদ গৌৰৱ গগৈ। প্ৰতিবাদকাৰীৰ সৈতে আৰক্ষী হতাহতিত লিপ্ত হোৱাৰ বাবে দণ্ডাধীশকো সকীয়নি প্ৰদান কৰিলে সাংসদ গৌৰৱ গগৈয়ে। প্ৰতিবাদস্থলীৰ পৰাই বিজেপিকো সকীয়নি প্ৰদান কৰি গৌৰৱ গগৈয়ে ক’লে – “অসমত বিজেপিৰ আয়ুস মাত্ৰ দুমাহ আছে।” সাংসদ গৌৰব গগৈৰ লগতে বহু সংখ্যক নেতা কৰ্মীয়ে অংশ লয় এই প্ৰতিবাদী কাৰ্যসূচীত |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply