গুৱাহাটী – অসম ৰাজ্যিক পৰিবহন সন্থাই ৫ অক্টোবৰৰ পৰাই চলাই থকা বন্ধ বাতিল কৰিবলৈ আহ্বান জনাইছে পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে।

ইতিমধ্যে অসম ৰাজ্যিক মটৰ পৰিবহন সন্থাই বিভাগীয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ লগত আলোচনাত মিলিত হৈছে যদিও কোনো সমস্যাৰ সমাধান ওলোৱা নাই বুলি জানিব পৰা গৈছে৷

এই সন্দৰ্ভত মন্ত্ৰী পাটোৱাৰীয়ে কালি কয় যে সদ্যহতে কোনো কাৰণতে পৰিবহনৰ ভাড়া বৃদ্ধি নহয়৷ এনে পৰিপ্ৰেক্ষিতত যাত্ৰীবাহী বাহনত ১০০ শতাংশ যাত্ৰী কঢ়িওৱাৰ পদক্ষেপ ল’ব চৰকাৰে৷

অৱশ্যে ইয়াৰ বাবে সন্থাৰ পৰা ৭ দিনৰ সময়সীমাও বিচাৰিছে বিভাগীয় মন্ত্ৰীগৰাকীয়ে৷ ৭ দিনৰ ভিতৰত স্বাস্থ্য বিভাগৰ পৰা অনুমতি লৈ সংশ্লিষ্ট পদক্ষেপ গ্ৰহণ কৰাৰ আশ্বাস দিছে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰাীয়ে।

ইফালে, কৰ ৰেহাই সন্দৰ্ভত কৰা দাবীৰ ক্ষেত্ৰতো বিত্ত বিভাগৰ অনুমতি অবিহনে সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰিব বুলি স্পষ্ট কৰে পাটোৱাৰীয়ে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply