নিউজ ডেস্ক: অসমত বৃদ্ধি পাইছে অপৰাধী বিধায়কৰ সংখ্যা | যোৱা তিনিটা কাৰ্যকালত অপৰাধী বিধায়কৰ সংখ্যা দুগুনলৈকে বৃদ্ধি পাইছে | অধিকাংশ বিধায়কৰ বিৰুদ্ধে আছে হত্যা, ধৰ্ষণ, অপহৰণ, আক্ৰমণৰ ঘটনাত জড়িতৰ গোচৰ |

জনপ্রতিনিধিৰ বিৰুদ্ধে চলি থকা গোচৰসমূহ তৎকালীনভাৱে নিষ্পত্তিৰ বাবে উচ্চতম ন্যায়ালয়ে নির্দেশ দিয়াৰ সময়তে ৰাজ্যত বৃদ্ধি পাইছে অপৰাধমূলক গোচৰত অভিযুক্ত হৈ থকা বিধায়কৰ সংখ্যা৷ বিগত ১০ বছৰত অসম বিধানসভাত অপৰাধমূলক গোচৰত অভিযুক্ত হৈ থকা বিধায়কৰ সংখ্যা দুগুণলৈ বৃদ্ধি পাইছে৷ আছাম ইলেকচন ৱাটছ নামৰ এটা সংগঠনে চলোৱা এক সমীক্ষাত এই উদ্বেগজনক তথ্য পোহৰলৈ আহিছে৷

আছাম ইলেকচন ৱাটছ নামৰ সংগঠনে চলোৱা এক সমীক্ষা

সংগঠনটোৱে বিভিন্ন নির্বাচনৰ সময়ত বিধায়কসকলে দাখিল কৰা শপতনামাসমূহ বিশ্লেষণ কৰি প্রকাশ কৰা তথ্য অনুসৰি সম্প্রতি ৰাজ্যৰ ১১৯জন বিধায়কৰ ১৫জনৰ বিৰুদ্ধে চলি আছে অপৰাধজনিত গোচৰৰ মোকর্দমা৷

২০০৬ চনত এই সংখ্যা আছিল মাত্র ৭গৰাকী৷ অর্থাৎ ২০০৬ চনৰ বিধানসভা নির্বাচনৰ পৰা ২০১৬ চনৰ নির্বাচনলৈ দুগুণ বৃদ্ধি পালে অপৰাধমূলক গোচৰত অভিযুক্ত হৈ থকা বিধায়কৰ সংখ্যা৷ আছাম ইলেকচন ৱাটছে প্রকাশ কৰা তথ্য অনুসৰি বর্তমান বিভিন্ন গোচৰত অভিযুক্ত ১৫জন বিধায়কৰ ভিতৰত ১১জনেই গুৰুতৰ অভিযোগত অভিযুক্ত৷

লক্ষণীয় যে যিসমূহ অপৰাধৰ শাস্তি ৫ বছৰ বা তাতোকৈ অধিক অথবা জামিন মঞ্জুৰ কৰা নহয়, আক্রমণ, হত্যা, অপৰাধ, ধর্ষণ আদিৰ সৈতে জড়িত অপৰাধ, মহিলাৰ বিৰুদ্ধে কৰা অপৰাধ আদিক গুৰুতৰ অপৰাধ হিচাপে বিবেচনা কৰা হয়৷ অর্থাৎ সম্প্রতি ১১জন বিধায়ক এনে গুৰুতৰ অপৰাধৰ গোচৰত অভিযুক্ত৷

আছাম ইলেকচন ৱাটছ নামৰ সংগঠনে চলোৱা এক সমীক্ষা

আছাম ইলেকচন ৱাটছৰ তথ্য অনুসৰি অভিযুক্ত বিধায়কসকলৰ তিনিজনৰ বিৰুদ্ধে আছে হত্যাৰ দৰে গোচৰ৷ আনহাতে, ৰাজনৈতিক দল ভিত্তিত কৰা বিশ্লেষণ অনুসৰি বিজেপিৰ ৫৯জন বিধায়কৰ ভিতৰত ৭জনৰ বিৰুদ্ধে আছে গোচৰ৷ অর্থাৎ ১২ শতাংশ বিধায়ক বিভিন্ন গোচৰত অভিযুক্ত৷

সেইদৰে কংগ্রেছৰ ২০জন বিধায়কৰ ভিতৰত ৫জনৰ বিৰুদ্ধে আছে গোচৰ৷ অর্থাৎ কংগ্রেছৰ ২৫ শতাংশ বিধায়কেই বিভিন্ন অপৰাধমূলক ঘটনাত অভিযুক্ত৷ একে সময়তে এ আই ইউ ডি আই এফৰ ১৪জন বিধায়কৰ ভিতৰত ২জন আৰু বর্তমানৰ একমাত্র নির্দলীয় বিধায়কজনৰ বিৰুদ্ধেও আছে গোচৰ৷

বর্তমানৰ অসম বিধানসভাৰ উপাধ্যক্ষ তথা সোণাই সমষ্টিৰ বিধায়ক আমিনুল হক লস্কৰৰ বিৰুদ্ধে ৰুজু হৈ আছে তিনিটা গোচৰ৷ থাওৰাৰ বিধায়ক কুশল দুৱৰীৰ বিৰুদ্ধে তিনিটা, মন্ত্রী নৱকুমাৰ দলেৰ বিৰুদ্ধে এটা, বিধায়ক অনন্ত মালোৰ বিৰুদ্ধে এটা, ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে এটা, ৰফিকুল ইছলামৰ বিৰুদ্ধে দুটা, কমলাক্ষ দে’ পুৰকায়স্থৰ বিৰুদ্ধে এটা, দেৱব্রত শইকীয়াৰ বিৰুদ্ধে এটা, নাৰায়ণ ডেকাৰ বিৰুদ্ধে এটা, দীপক কুমাৰ ৰাভাৰ বিৰুদ্ধে এটা, আবুল কালাম ৰছিদ আলমৰ বিৰুদ্ধে এটা, শিলাদিত্য দেবৰ বিৰুদ্ধে দুটা, নুৰুল হুদাৰ বিৰুদ্ধে দুটা, ভুবন পেগুৰ বিৰুদ্ধে এটা, জামালউদ্দিন আহমেদৰ বিৰুদ্ধে এটা গোচৰ বিভিন্ন থানাত ৰুজু হৈ আছে৷

অৱশ্যে এতিয়ালৈ এই বিধায়কসকল কোনো এটা গোচৰতে দোষী সাব্যস্ত হোৱা নাই৷ কিন্তু কেইবাজনো বিধায়কৰ বিৰুদ্ধে থকা গোচৰসমূহ গ্রহণ কৰাৰ লগতে ধাৰা আৰোপ কৰা হৈছে৷ উল্লেখ্য যে জনপ্রতিনিধিৰ বিৰুদ্ধে ৰুজু হৈ থকা গোচৰসমূহ খৰতকীয়াকৈ নিষ্পত্তিৰ বাবে উচ্চতম ন্যায়ালয়ে ইতিমধ্যে নির্দেশনা প্রদান কৰিছে৷

আছাম ইলেকচন ৱাটছ নামৰ সংগঠনে চলোৱা এক সমীক্ষা

দেশৰ উচ্চ ন্যায়ালয়সমূহক নিজাববীয়া গোচৰ ৰুজু কৰি ব্যৱস্থা গ্রহণৰো নির্দেশ দিছে৷ ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ে এই প্রসংগত নিজাববীয়া গোচৰ ৰুজু কৰি অসম আৰক্ষীক সবিশেষ তথ্য দাখিলৰ নির্দেশ দিছিল৷ ইয়াৰ ভিত্তিত অসম আৰক্ষীৰ সঞ্চালকপ্রধানে শপতনামা দাখিল কৰিছে৷ অপৰাধী জনপ্ৰতিনিধিৰ সংখ্যা দিনক দিনে বৃদ্ধি পোৱা ঘটনাই আমাৰ গণতান্ত্ৰিক ব্যৱস্থাটোলৈ ভাবুকি কঢ়িয়াই অনাৰ শংকা প্ৰকাশ কৰিছে |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply