গুৱাহাটী – অসমৰ কৃষিক্ষেত্ৰৰ লগত সহযোগিতা কৰিব ইজৰাইলে। এই সন্দৰ্ভত ইজৰাইল চৰকাৰ আৰু ভাৰতীয় চৰকাৰৰ সহযোগত গঠন হোৱা ‘Indu-Israel centre of excellence for vegetables Protected Cultivation’ ৰ আধাৰশিলা আজি মুকলি কৰে ইজৰাইলৰ ৰাষ্ট্ৰদূত ড০ ৰণ মল্কাই।
আধাৰশিলা মুকলিৰ পূৰ্বে ৰাষ্ট্ৰদূতগৰাকীয়ে গুৱাহাটীলৈ আহি অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰে।
ইজৰাইল চৰকাৰে অসমৰ কৃষি ক্ষেত্ৰত আগবঢ়োৱা এই সহযোগিতাত আনন্দ প্ৰকাশ কৰি আজিৰ দিনটো অসমবাসীৰ বাবে এটা ঐতিহাসিক দিন বুলি অভিহিত কৰি টুইটাৰত টুইট কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।
ইয়াৰ পূৰ্বে ২০১৯ বর্ষত ড০ ৰণ মল্কাই অসমৰ কৃষিক্ষেত্ৰৰ লগত জড়িত বিভিন্ন ক্ষেত্ৰত ইজৰাইলে সহযোগিতা আগবঢ়োৱাৰ আগ্ৰহ প্ৰকাশ কৰিছিল।
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীকো কৃতজ্ঞতা জ্ঞাপন কৰি কয় ,’ভাৰত -ইজৰাইলৰ এই সম্পৰ্কটো এটা নতুন পৰ্যায়লৈ লৈ যোৱাৰ বাবে ধন্যবাদ ।আপোনাৰ অবিহনে এই কাম সম্ভৱ নহ’লহেঁতেন।’
তেওঁ লগতে কয়, অসমৰ বাবে আজি এক ঐতিহাসিক দিন। ইজৰাইলৰ সৈতে আমাৰ অংশীদাৰিত্বৰে কৃষিক্ষেত্ৰত এয়া এক অভিলাষী পদক্ষেপ। Indo-Israel Centre of Excellence for Vegetables Protected Cultivation-ৰ আধাৰশিলা স্থাপনৰ পূৰ্বে ভাৰতত ইজৰাইলৰ মাননীয় ৰাষ্ট্ৰদূত ড° ৰণ মালকাৰ সৈতে গুৱাহাটীত সৌহাৰ্দপূৰ্ণ মত বিনিময় কৰোঁ। নিজৰ দূৰদৰ্শী নেতৃত্বৰে ভাৰত-ইজৰাইল সম্পৰ্কক নতুন শিখৰত উপনীত কৰাৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আন্তৰিক ধন্যবাদ জনাইছোঁ।