নিউজ ডেস্ক– ২০২১-২২ৰ বাজেটত অসমৰ বাবে অসম ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ প্ৰকল্পৰ কথা ঘোষণা কৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। এইবাৰৰ বাজেটত আগন্তুক ৩ বছৰত অসমত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ লক্ষ্য স্থিৰ কৰা হৈছে। অসমত ৰাষ্ট্ৰীয় ঘাইপথৰ ৯,০০০ কোটি টকাৰ প্ৰকল্প চলি আছে। লগতে আগন্তুক ৩ বছৰত ৩৪,০০০ কোটি টকা ব্যয়েৰে ১৩০০ কিল’মিটাৰ দৈঘ্যৰ ঘাইপথ নিৰ্মাণ কৰা হ’ব।
ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে বাজেটত ধাৰ্য কৰিছে ১৯হাজাৰ কোটি টকা। এই বছৰত দেশত ১১হাজাৰ কি.মি ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰাৰ কথা ঘোষণা বিত্ত মন্ত্ৰীৰ। পশ্চিমবংগলৈও ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে ২৫ হাজাৰ কোটি টকাৰ প্ৰকল্প ঘোষণা।
উল্লেখ্য় যে, ভাৰতবৰ্ষত প্ৰথমবাৰলৈ এইবাৰ ডিজিটেল বাজেট সদনত দাখিল কৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। সদনত বাজেট দাখিল কৰাৰ কিছু সময়ৰ পাছতে অনলাইনত এই বাজেটৰ সকলোখিনি তথ্য উপলদ্ধ হোৱাৰো ব্যৱস্থা কৰা হয় ।বাজেট ২০২১-২২ দাখিল কৰাৰ পূৰ্বে ৰাষ্ট্ৰপতিক সাক্ষাত কৰি সংসদ ভৱনত উপস্থিত হয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ।