গুৱাহাটী – অসমত বিভিন্ন ব্যক্তিগত খণ্ডত কৰ্মৰত ৮৫ লাখ কৰ্মচাৰীয়ে নাপায় ন্যায়সংগত ন্যূনতম মজুৰি। মজুৰি বেছিকৈ বিচাৰিলে কৰ্মচাৰী সকলৰ চাকৰি হেৰুওৱাৰ ভয়। বেছিভাগ কৰ্মচাৰীৰে নাই চাকৰিৰ নিৰাপত্তা। নিবনুৱা সমস্যাৰ সুযোগ গ্ৰহণ কৰি নিয়োগকর্তাসকলে কৰ্মচাৰী সকলক প্ৰাপ্য মাজুৰিৰ পৰা বঞ্চিত কৰি ৰখাৰ অভিযোগ চি আই টি ইউৰ অসম ৰাজ্যিক কমিটিৰ।
অসমত কৰ্মৰত প্ৰতিজন অদক্ষ শ্ৰমিকৰ মাহিলি ন্যূনতম মজুৰি ১৮ হাজাৰ টকা, দক্ষ শ্ৰমিকৰ বাবে ২১ হাজাৰ টকা মাহিলি ন্যূনতম মজুৰি ধার্য কৰাৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত চি আই টি ইউৰ অসম ৰাজ্যিক কমিটিৰ। লাষ্ট গেটত মঙলাবাৰে প্ৰতিবাদ সাব্যস্ত কৰি চি আই টি ইউৰ অসম ৰাজ্যিক কমিটিয়ে লগতে অৰ্ধ দক্ষ আৰু উচ্চ দক্ষ শ্ৰমিকৰ মজুৰিও নিৰ্ধাৰণ কৰাৰ দাবী জনায়।
ইফালে চাহ শ্ৰমিক সকলৰ মজুৰি অসম চৰকাৰৰ শ্ৰম বিভাগে নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাকলৈও ক্ষোভ উজাৰে চি আই টি ইউৰ অসম ৰাজ্যিক কমিটিয়ে। অসমত কৰ্মৰত আঁচনিভূক্ত কৰ্মচাৰীসকলকো সামৰি শ্ৰমিকৰ মজুৰি পুনৰ নিৰ্ধাৰণৰ বাবে চৰকাৰক দাবী জনায় চি আই টি ইউৰ অসম ৰাজ্যিক কমিটিয়ে।
অসমত কৰ্মৰত বিভিন্ন ব্যক্তিগত খণ্ডৰ কৰ্মচাৰী সকলৰ ন্যায়সংগত ন্যূনতম মজুৰিৰ দাবীত মঙলাবাৰে চি আই টি ইউৰ অসম ৰাজ্যিক কমিটিয়ে লাষ্ট গেটত প্ৰতিবাদ সাব্যস্ত কৰে। অসম বিধানসভাৰ শীতকালীন অধিবেশনৰ দ্বিতীয় দিনা বিভিন্ন দল-সংগঠনে তেওঁলোৰ দাবী সমূহলৈ লাষ্ট গেটত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।