নিউজ ডেক্স:- অসমীয়া ছবিলৈ আন এক আন্তঃৰাষ্ট্ৰীয় সন্মান | কৃপাল কলিতা পৰিচালিত অসমীয়া চলচ্চিত্ৰ ‘ব্ৰিজ’ ৰ জৰিয়তে এই সন্মান আহিছে | মুম্বাইত অনুষ্ঠিত গোল্ডেন জুৰী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত সামাজিক বিষয়ত সৰ্বশ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰে ‘ব্ৰিজে’।
এটা সত্য ঘটনাৰ আধাৰত নিৰ্মিত ছবিখনে এইবাৰ ভাৰতৰ ৫১তম পেনোৰামালৈ একমাত্ৰ অসমীয়া ছবি ৰূপে নিৰ্বাচিত হৈছে। ইতিমধ্যে চলচ্চিত্ৰখন বিশ্বৰ আগশাৰীৰ ১৬খন চলচ্চিত্ৰ সমাৰোহলৈ আমন্ত্ৰিত হৈছে। উল্লেখ্য ছবিখন প্ৰযোজনা কৰিছে ৰমা কুমাৰ দাস আৰু সবিতা দেৱীয়ে।