অসমীয়া ভাস্কৰ্য্য শিল্পী সকলক স্মৃতিসৌধৰ নক্সা তথা আৰ্হিৰ বাবে আৱেদন Credit: অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ অসমীয়া ভাস্কৰ্য্য শিল্পী সকলক আৱেদন

গুৱাহাটী –অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে বৃহস্পতিবাৰে অসমীয়া ভাস্কৰ্য্য শিল্পী সকলৰ পৰা “কা” বিৰোধী আন্দোলনত শ্বহীদ হোৱা লোক সকলৰ সন্মানাৰ্থে নিৰ্মাণ কৰিব লগীয়া স্মৃতিসৌধৰ নক্সা তথা আৰ্হিৰ বাবে আৱেদন জনায়।

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰাই সংবাদকৰ্মী সকলক সম্বোধন কৰি কয় যে “আমি ৰাইজৰ আৱেগক সন্মান জনাওঁ আৰু সেই বাবেই এটা স্মৃতিসৌধ নিৰ্মাণৰ ঘোষণা কৰা হৈছে। ভাস্কৰ্য্য শিল্পী সকললৈ স্মৃতিসৌধৰ নক্সা তথা আৰ্হিৰ বাবে তেওঁলোকৰ উপদেশ, পৰামৰ্শ তথা ধাৰণাৰ বাবে আৱেদন কৰা হৈছে।”

ৰিপুন বৰাই নিজৰ টুইটত “পৃথিৱীৰ যিকোনো ঠাইতে থকা অসমীয়া ভাস্কৰ্য্য শিল্পী সকলক উদ্দেশ্যি কয় যে অসমক আপোনালোকৰ দিহা-পৰামৰ্শৰ প্ৰয়োজন আছে। আপোনালোকৰ আৰ্হি আমালৈ প্ৰেৰণ কৰক আৰু নিৰ্বাচনত জয় হোৱাৰ পিছত কংগ্ৰেছে এই স্মৃতিসৌধ গুৱাহাটীত নিৰ্মাণ কৰিব।”

ৰিপুন বৰাই সংবাদকৰ্মী সকলক কয় যে দলীয় নেতৃত্বই জিলা আৰু বুথ কমিটিৰ কৰ্মকৰ্তা সকলক গামোচা সমূহ সংগ্ৰহ কৰিবলৈ নিৰ্দিষ্ট লক্ষ্য নিৰ্ধাৰণ কৰিছে। ৰিপুন বৰাই লগতে কয় যে “আমি ৰাইজক অসমৰ শান্তি সম্প্ৰীতিত আঘাত দিয়া “কা” আইনৰ বিৰুদ্ধে তেওঁলোকৰ আৱেগ অনুভূতিৰ বহিঃপ্ৰকাশ ঘটাবলৈ অনুৰোধ কৰিম।

কংগ্ৰেছ কৰ্মকৰ্তা সকলক ঘৰে ঘৰে গৈ অতিকমেও ৫০ লাখ গামোচা সংগ্ৰহ কৰিবলৈ আহ্বান জনোৱা হৈছে। এই সকলোবোৰ স্মৃতিসৌধত প্ৰদৰ্শিত হ’ব”।প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে উল্লেখ কৰে যে “ৰাহুল গান্ধীৰ বিশাল জনসভাৰ পিছতেই ৰাজ্যবাসীৰ পৰা প্ৰত্যক্ষ ইংগিত পোৱা গৈছে যে তেওঁলোকে এইবাৰ বিজেপিৰ বিৰুদ্ধে ভোটদান কৰিব।”

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply