নিউজ ডেস্ক: অৰুণাচলৰ পাপুম পাৰে জিলাৰ কিমিনত হোটেলত সোমবাৰে নিশা হোৱা এক গুলীচালনাৰ ঘটনাত আহত হৈছে দুজন অসমৰ যুবক। সন্ধিয়া প্ৰায় ৭টা মান বজাত গ্ৰাহকৰ বেশত অহা এজন অজ্ঞাত ব্যক্তিয়ে যধে-মধে গুলীচালনা কৰাৰ ফলত “বি এইচ হোটেল” নামৰ হোটেলখনৰ মেনেজাৰ জয়ন্ত তাঁতী আৰু সহায়ক শীবা মল্লিক গুৰুতৰভাৱে আহত হয়।

হোটেলৰ ব্যৱসায় কৰি থকা ২৭ বছৰীয়া জয়ন্তৰ সোঁহাতত গুলী লাগে। গুলীচালনাৰ শব্দ শুনি ভিতৰৰ পৰা মেনেজাৰৰ টেবুলৰ ওচৰলৈ ওলাই অহা শীবা নামৰ ১৬ বছৰীয়া সহায়কজনকো অজ্ঞাত ব্যক্তিজনে গুলি চালনা কৰে । নিশাই ততাতৈয়াকৈ দুয়োজনকে নাহৰলগুনৰ টমো ৰিবা মেডিকেল কলেজলৈ অনা হয় ।

শীবা নামৰ সহায়কজনৰ শৰীৰৰ পৰা এতিয়াও গুলীটো উলিয়াব পৰা নাই । পাপুম পাৰে জিলাৰ আৰক্ষী অধীক্ষক নীলম নেগাই জানিবলৈ দিয়া মতে দুয়োজনৰে চিকিৎসা চলি আছে । কোনে গুলীচালনা কৰিলে সেই সম্পৰ্কে অনুসন্ধান চলি আছে যদিও এতিয়ালৈকে ধৰিবলৈ সক্ষম হোৱা নাই । আহত দুয়োজন যুৱক অসমৰ লক্ষীমপুৰ জিলাৰ চিলনিবাৰীৰ দিজু নামৰ অঞ্চলটোৰ ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply