প্ৰতিনিধিত্বমূলক ছবি

নগাওঁ – কালি নৈৰ পানীত হঠাতে ভাহি আহিল হাজাৰ হাজাৰ টকা। দিন দুপৰতে কালি হঠাৎ নগাঁৱৰ মাজেৰে বৈ অহা কলং নৈত হাজাৰ হাজাৰ টকা উটি অহা দৃশ্যই ৰাইজক হতবাক কৰি তোলে।

তথ্য অনুসৰি, নগাঁও চহৰৰ পৰিবহণ নিগম কাৰ্যালয়ৰ সমীপৰ দলঙৰ তলত উদ্ধাৰ হৈছে বহুসংখ্যক টকা। এইদৰে নোট কলংত উটি অহা প্ৰত্যক্ষ কৰি স্থানীয় কে’বাজনো যুৱকে কলঙত সাঁতুৰি উদ্ধাৰ কৰে ১০,২০, ১০০ আৰু ৫০০ টকীয়া নোট। কিন্তু ক’ৰ পৰা এনেদৰে বৃহৎ পৰিমাণৰ ধন নৈৰ পানীত উটি আহিল তাক লৈ সৃষ্টি হৈছে যথেষ্ট ৰহস্যৰ।

একাংশ সচেতন ৰাইজৰ মতে, কোনো দুৰ্নীতিগ্ৰস্ত বিষয়া অথবা ৰাজনৈতিক নেতাই আয়কৰ বিভাগৰ ৰোষত পৰাৰ ভয়ত এইদৰে কম মূল্যৰ ১০, ২০, ১০০ আৰু ৫০০ টকীয়া নোট কলঙত দলিয়াই দিয়াৰ সন্দেহ কৰিছে ৰাইজে। আৰক্ষীৰ তদন্ত অব্যাহত আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply