গুৱাহাটী – সমগ্র দেশতে অসমৰ কৃষকে তেওঁলোকৰ উৎপাদিত সামগ্ৰীবোৰ যাতে উপযুক্ত মূল্যত বিক্ৰী কৰিব পাৰে তাৰ প্রতি লক্ষ্য ৰাখি কালি এক বিশেষ এপ্লিকেশ্যন মুকলি কৰা হয়। ‘কিষাণ ৰথ’ (ফ্রুটছ এণ্ড ভেজিটেবলছ) নামৰ এই এপ্পটো কালি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে গুৱাহাটীত মুকলি কৰে৷
অসম প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আয়োজিত এক বিশেষ অনুষ্ঠানত মুখ্যমন্ত্রীয়ে এপ্পটো মুকলি কৰি কয়, “এপ্পটোৱে গ্রাহক আৰু উৎপাদকৰ মাজত কৃষিজাত সামগ্রী বিপণনৰ ক্ষেত্রত সহায় কৰিব৷ এই এপ্পটো অসমীয়া, হিন্দী আৰু ইংৰাজীত ব্যৱহাৰ কৰিব পৰা যাব৷ বিশেষকৈ শাক-পাচলি উৎপাদকসকলৰ বাবে নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব এই এপ্পটোৱে।”

অনুষ্ঠানত ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰাও উপস্থিত থাকে। মন্ত্রী বৰাই কয় যে লকডাউনৰ ফলত কৃষকসকলে এইবাৰ প্রচুৰ লোকচানৰ সন্মুখীন হ’বলগীয়া হ’ল৷ সেই লোকচানৰ পৰা যাতে কৃষকসকলে উদ্ধাৰ পাব পাৰে তাৰ বাবেই এই এপ্প মুকলি কৰি দিয়া হৈছে।
তাৎপৰ্যপূৰ্ণভাৱে, লকডাউনৰ প্রথম তিনিটা মাহৰ ভিতৰত ৰাজ্যৰ কৃষকসকলে অসমৰ লগতে চুবুৰীয়া ৰাজ্যত শাক-পাচলি বিক্রী কৰি ৩৭৫কোটি টকা উপার্জন কৰিবলৈ সক্ষম হৈছে। কৃষকে নিজে উৎপাদন কৰা ফচল বিক্রী কৰিবলৈ ওলাই অহাৰ ফলত ৰাজ্যত নতুন এখন কৃষকৰ বজাৰো সৃষ্টি হৈছে বুলি কয় কৃষিমন্ত্রী বৰাই। ৰাজ্যৰ কৃষকে যাতে ৰাষ্ট্রীয় পর্যায়ত বজাৰ লাভ কৰিব পাৰে তাৰ প্রতি লক্ষ্য ৰাখিয়েই এই এপ্পটো মুকলি কৰা বুলিও তেওঁ কয়৷
অসমীয়া ভাষাত উপলব্ধ হব লগা এই ম’বাইল এপ্লিকেচনৰ সহায়ত খেতিয়ক সকলে বিশেষকৈ ফল-মূল আৰু শাক পাচলি উৎপাদন কৰা সকলে যাতায়তৰ ক্ষেত্ৰত বিশেষ সুবিধা লাভ কৰিব।
মুখ্যমন্ত্ৰী সোণোৱালে লগতে কয় – “ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কৃষকৰ আয় দুগুণ হোৱাৰ যি সপোন সেই সপোনত বাস্তৱায়িত কৰিবলৈ এয়া এক পদক্ষেপ । এই এপ্লিকেচনৰ জৰিয়তে অসমৰ কৃষক সকলে এতিয়াৰ পৰা বজাৰত চলা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব। যেতিয়া নতুন প্ৰজন্মই খেতিয়ক আৰু কৃষিক্ষেত্ৰৰ সফলতা দেখিবলৈ পাব তেতিয়া তেওঁলোক এই খণ্ডৰ সৈতে জড়িত হ’বলৈ আগ্ৰহী হৈ উঠিব ৷”