গুৱাহাটী: অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ মিত্ৰতা সম্পৰ্কে অখিল গগৈক লগ ধৰাৰ পিছতেই মুকলি কৰাৰ পিছত শুকুৰবাৰে দুয়োটা দলে এখন যুটীয়া সংবাদমেলৰ আয়োজন কৰে |

সংবাদমেলত দুয়োটা দলে বৰ্তমানৰ চৰকাৰে অসমৰ স্বাভিমানক বাৰে বাৰে অপমান কৰাৰ কথা উল্লেখ কৰি কা আইনে অসমবাসীৰ জাতিসত্বাক গভীৰ বিপদলৈ ঠেলি দিয়াৰ কথা উল্লেখ কৰে | আনহাতে সোৱণশিৰিৰ নদাবান্ধৰ কথা উল্লেখ কৰি উজনি অসমৰ বৃহৎ সংখ্যক অসমবাসীৰ বাবে জীৱন আৰু সম্পত্তিলৈ অনিশ্চয়তা নমাই আনিছে বুলি উল্লেখ কৰে | ইনাৰ লাইন পাৰ্মিট ব্যবস্থাৰ কৰ্তন আদিৰে অসমক বাৰে বাৰে ভেঙুচালী কৰাৰ কথা উল্লেখ কৰি বিজেপিয়ে দেশৰ ফেডাৰেল গাঁথনিত আঘাত হনাৰ কথা উল্লেখ কৰে |

আগন্তুক অসম বিধানসভা নিৰ্বাচনত ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ বিৰুদ্ধে আঞ্চলিকতাবাদৰ যুঁজ হ’ব বুলি উল্লেখ কৰি বিজেপি ,কংগ্ৰেছ এ আই ইউ ডি এফ পৰা তেওলোকে সহ দুৰত্ব বজাই ৰাখিব বুলি মন্তব্য কৰে | অসম জাতীয় পকিষদ আৰু ৰাইজৰ দলে আগন্তুক নিৰ্বাচনত আঞ্চলিক ৰাজনৈতিক শক্তিক একগোট কৰি আগবাঢ়িব বুলি উল্লেখ কৰে |

সংবাদমেলত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণ জ্যোতি গগৈ, সম্পাদক জগদীশ ভূঞা, ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কো ডি শইকীয়া সহ দুয়ো দলৰ বহু জ্যেষ্ঠ বিষয়ববীয়াই অংশ লয় |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply