অসমৰ ধনী বিধায়কৰ প্ৰথম দহটা স্থানত নাই সৰ্বা-হিমন্ত

নিউজ ডেস্কঃ ৰাজ্যৰ ধনী বিধায়কৰ প্ৰথম দহ জনৰ মাজত স্থান নাপালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই | নিৰ্বাচন আয়োগক ২০১৬ চনৰ নিৰ্বাচনৰ সময়ত তেওঁলোকে দিয়া সম্পত্তিৰ তালিকাৰ শপতনামাৰ পৰা এডিআৰৰ অসম ইলেকশ্যন ৱাটছে প্ৰকাশ কৰা প্ৰতিবেদনত এই কথা প্ৰকাশ কৰিছে ।

প্ৰতিবেদনত থকা তথ্য মতে ৰাজ্যত ৬৭জন কোটিপতি বিধায়ক আছে। সম্পত্তিৰ তালিকাৰ শীৰ্ষত আছে নাহৰকটীয়াৰ অসম গণ পৰিষদৰ বিধায়ক নৰেন সোণোৱাল। তেওৰ মুঠ সম্পত্তিৰ পৰিমান ৩৩ কোটি ৯৪ লাখ ৬০ হাজাৰ ৬২৩। তাৰপাছতেই অসম বিধানসভাৰ ধনী বিধায়ক বৰক্ষেত্ৰী সমষ্টিৰ বিজেপিৰ বিধায়ক নাৰায়ণ ডেকা। তেওঁৰ মুঠ সম্পত্তিৰ পৰিমান ১৭কোটি ২৩ লাখ ১৭ হাজাৰ ৩০২টকা। তৃতীয় স্থানত আছে আব্দুৰ ৰহিম আজমল। যমুনামুখৰ এই বিধায়কজনৰ সম্পত্তিৰ পৰিমান ১৩ কোটি ১০ লাখ ৯৯ হাজাৰ ৩৮৬ টকা।

এডিআৰৰ অসম ইলেকশ্যন ৱাটছে প্ৰকাশ কৰা প্ৰতিবেদন

আনহাতে ৰাজ্যৰ আটাইতকৈ দুখীয়া বিধায়কজন হ’ল এআইইউডিএফৰ জলেশ্বৰ সমষ্টিৰ বিধায়ক ছাহাবুদ্দিন আহমেদ। তেওঁৰ মুঠ সম্পত্তিৰ পৰিমান ১ লাখ ৮১ হাজাৰ ৬১৪ টকা। নাওবৈচাৰ বিধায়ক এম হক চৌধুৰীৰ সম্পত্তিৰ পৰিমান ৬ লাখ ৩৪ হাজাৰ ৬০০ টকা। আনহাতে দুলীয়াজান সমষ্টিৰ বিধায়ক তেৰছ গোৱালাৰ মুঠ সম্পত্তিৰ পৰিমান ৮ লাখ ৯১ হাজাৰ ৮২ টকা।

অসম বিধানসভাত থকা বিজেপিৰ মুঠ ৫৯ গৰাকী বিধায়কৰ ৩৬ জনেই কোটি পতি। কোটিপতি বিধায়কৰ তালিকাত কংগ্ৰেছৰ ১১জন, অসম গণ পৰিষদৰ ১০জন, বিপিএফৰ ৭জন, এআইইউডিএফৰ ৫জন বিধায়ক আছে। শতকৰা হাৰত বিজেপিৰ ৫৮ শতাংশ, কংগ্ৰেছৰ ৫৫ শতাংশ, অগপৰ ৭৭ শতাংশ, বিপিএফত ৫৮ শতাংশ আৰু এআইইউডিএফত ৩৪ শতাংশ বিধায়ক কোটিপতি।

এডিআৰৰ অসম ইলেকশ্যন ৱাটছে প্ৰকাশ কৰা প্ৰতিবেদন

এডিআৰৰ অসম ইলেকশ্যন ৱাটছে প্ৰকাশ কৰা সমীক্ষাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সম্পত্তিৰ পৰিমান ১ কোটি ৮৫ লাখ ৪৪ হাজাৰ ৯১৯ টকা। ইয়াৰে ১ কোটি ১৫ লাখ তেওঁৰ স্থাৱৰ সম্পত্তি আৰু ৭০ লাখ ৪৪ হাজাৰ ৯১৯ টকা অস্থাৱৰ সম্পত্তি। আনহাতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সম্পত্তিৰ পৰিমান ৬ কোটি ৩৮ লাখ ৪৭ হাজাৰ ৮৮০টকা। ৰকিবুল হুছেইনৰ সম্পত্তিৰ পৰিমান ৪ কোটি ৩৮ লাখ ৩৬হজাৰ ৩৮১ টকা।

এডিআৰৰ অসম ইলেকশ্যন ৱাটছে প্ৰকাশ কৰা প্ৰতিবেদন

উল্লেখযোগ্য যে, ২০০৬চনত অসম বিধানসভাত আছিল মাত্ৰ ১৫জন কোটি পতি বিধায়ক। ২০১১ চনত সেই সংখ্যা বৃদ্ধি পাইছিল ৪৭ শতাংশ লৈ। ২০১৬চনত কোটি পতি বিধায়কৰ সংখ্যা বৃদ্ধি পাই ৫৭ শতাংশলৈ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply