‘গাৰ্চিনিয়া পেডুনকুলাটা’ নামৰ এবিধ ঔষধি উদ্ভিদ, অসমীয়াত ‘বৰথেকেৰা’ বুলি প্ৰচলিত এই উদ্ভিদৰ ফলত হৃদৰোগৰ পৰা প্ৰতিকাৰ লাভ কৰাৰ উপাদান পোৱা গৈছে। অৱশ্যে এই ফলবিধ পৰম্পৰাগতভাৱে কেঁচাকৈ খোৱা নহয়। এই ঔষধি উদ্ভিদৰ পকা ফলৰ শুকান মণ্ডৰ প্ৰয়োগেৰে ISO ৰ দ্বাৰা উল্লেখ কৰা হৃদযন্ত্ৰৰ হাইপাৰট্ৰফী সূচক আৰু অক্সিডেটিভ চাঁপৰ লগতে হৃদযন্ত্ৰৰ প্ৰদাহো হ্ৰাস হয়।
উল্লেখ্য যে পকা ফলৰ ৰ’দত শুকুওৱা টুকুৰাবোৰ ৰন্ধন আৰু ঔষধি উদ্দেশ্যৰ বাবে ব্যৱহাৰ কৰা হয় আৰু ইয়াত এণ্টি-ইনফ্লেমেটৰী, এণ্টেলমিণ্টিক, এণ্টিবেক্টেৰিয়েল, এণ্টিফাংগাল, এণ্টিডায়েবেটিক, হাইপোলিপিডেমিক, নেফ্ৰোপ্ৰটেক্টিভ, আৰু নিউৰোপ্ৰটেক্টিভ কাৰ্যকলাপৰ দৰে থেৰাপিউটিক গুণাগুণ আছে বুলি জনা গৈছে। এই দাবীবোৰৰ প্ৰমাণ বিচাৰি কৰা বিজ্ঞানসন্মত একাধিক অধ্যয়নৰ পৰা লাভ কৰা প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে ‘গাৰ্চিনিয়া পেডুনকুলাটা’ হৈছে এণ্টিঅক্সিডেণ্টৰ এক সমৃদ্ধ উৎস। অৱশ্যে, কাৰ্ডিঅ’প্ৰটেক্টিভ সম্ভাৱনা ইয়াৰ পূৰ্বে অন্বেষণ কৰা হোৱা নাছিল।
বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ (ডিএছটি) স্বতন্ত্ৰ প্ৰতিষ্ঠান ইনষ্টিটিউট অৱ এডভান্সড ষ্টাডি ইন ছায়েন্স এণ্ড টেকন’লজীৰ (আইএএছএছটি) বিজ্ঞানীসকলে হৃদৰোগ প্ৰতিৰোধ কৰাৰ বাবে এই ঔষধি উদ্ভিদৰ সম্ভাৱনা আৱিস্কাৰ কৰি উলিয়াইছে। এই আৱিষ্কাৰ কাৰ্যত ভেষজৰ জৈৱ সক্ৰিয় ক্লোৰোফৰ্ম ভগ্নাংশৰ (জিচি) এটা দ্বৈত পালি বা ডাবল ড’জ ২৪ ঘণ্টাৰ ব্যৱধানত (৮৫ মিগ্ৰা/কিগ্ৰা শৰীৰৰ ওজন) (বিডব্লিউ) ২৮ দিনৰ বাবে ৱিষ্টাৰ নিগনিক খুৱাই দিয়া হৈছিল।
এই পৰীক্ষণকালত থেৰাপিউটিক প্ৰভাৱৰ মূল্যাঙ্কন কৰিবলৈ, আইচ’প্ৰোটেৰেনল-প্ৰেৰিত মায়োকাৰ্ডিয়েল ইনফাৰ্কচন মডেল অনুসৰি আইচ’প্ৰোটেৰেনলৰ বেজী দিয়া হৈছিল। ইয়াত ব্যৱহৃত আটাইবোৰ প্ৰাণীকে বিশদভাৱে বিশ্লেষণ কৰা হৈছিল, আৰু এই বিশ্লেষণতে প্ৰকাশ পাইছিল যে ৰোগ প্ৰজাতিটোৰ মাজত উল্লেখনীয় এছ.টি. তৰংগ উচ্চতা আছে (এছ.টি. হৈছে হৃদযন্ত্ৰৰ ভেণ্ট্ৰিকলৰ মেৰুকৰণ আৰু পুনৰ মেৰুকৰণৰ মাজৰ ব্যৱধান প্ৰতিনিধিত্ব কৰা এক বিষয়), যিয়ে মায়োকাৰ্ডিয়েল ইনফাৰ্কচন সূচায়, যাক এটেনোলল আৰু জিচি চিকিৎসাৰ দ্বাৰা স্বাভাৱিক কৰা হয়। কাৰ্ডিয়াক হাইপাৰট্ৰফী, কাৰ্ডিয়াক ট্ৰোপনিন ১, টিচ্যু লিপিড পেৰোক্সিডেচন, আৰু চেৰাম ইনফ্লেমেটৰী মাৰ্কাৰ সকলোবোৰ ৰোগ প্ৰজাতিতে যথেষ্ট উন্নত দেখা হৈছিল, যিবোৰ জিচিৰ পূৰ্বে চিকিৎসা কৰা গোটবোৰত প্ৰায় স্বাভাৱিক স্তৰত ৰক্ষণাবেক্ষণ কৰা হৈছিল। জি.চি.ৰ চিকিৎসা কৰা গোটবোৰত থলুৱা এণ্টিঅক্সিডেণ্টবোৰো পুনৰ নিৰ্মাণ কৰা হৈছিল।
উল্লেখ্য যে ড. ৰাজলক্ষ্মী দেৱীৰ তত্বাৱধানত জ্যেষ্ঠ গৱেষক স্বৰ্ণালী ভট্টাচাৰ্যই এই পৰিৱৰ্তনবোৰ জিচিৰ উৎকৃষ্ট এণ্টিঅক্সিডেণ্ট আৰু প্ৰদাহ-প্ৰতিৰোধী সম্ভাৱনাৰ বাবে দায়বদ্ধ বুলি উল্লেখ কৰে, যিয়ে হৃদযন্ত্ৰক আইচ’প্ৰোট্ৰেনল-প্ৰেৰিত আঘাতৰ পৰা সুৰক্ষিত কৰাত সহায় কৰে।
তদুপৰি, ক্লোৰোফৰ্ম ভগ্নাংশৰ ৰাসায়নিক চৰিত্ৰায়নে হাইড্ৰক্সিচাইট্ৰিক এচিড, হাইড্ৰক্সিচাইট্ৰিক এচিড লেক্টন, আৰু পাৰ্ভিফোলিকুইননৰ দৰে সক্ৰিয় ফাইটোকম্পাউণ্ডৰ লগতে জিবি-১এ, গাৰ্চিনোন এ, ৯-হাইড্ৰক্সিকেলাবাক্সান্থন, ক্লোৰোজেনিক এচিড, আৰু গাৰ্চিনোলৰ দৰে যৌগৰ উপস্থিতি প্ৰকাশ কৰিছিল। এই অধ্যয়নত উল্লখিত চিকিৎসাজনিত প্ৰভাৱবোৰ ইয়াত উপজীৱ্য যৌগৰ বাবে হোৱাৰ সম্ভাৱনা আছে। এই সকলোবোৰ ফলাফলে উত্তৰ-পূৱ ভাৰতত যথেষ্ট পৰিমাণে উপলব্ধ জি. পেডুনকুলাটা বা বৰথেকেৰাৰ সুন্দৰ কাৰ্ডিঅ’প্ৰটেক্টিভ সম্ভাৱনা স্পষ্ট কৰিছে।