অসমৰ ভূখণ্ডত মেঘালয়ৰ আগ্ৰাসন

বকো- অসমৰ ভূখণ্ডত পুনৰ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ লোলুপ দৃষ্টি। বকোৰ লাম্পি তথা দাঁতিকাষৰীয়া অঞ্চলসমূহত মেঘালয়ৰ আগ্ৰাসনৰ বাতৰিয়ে সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰিছে। আন্তঃৰাজ্যিক সীমা সমস্যাৰ বাবেই প্ৰায়েই অসমৰ লাম্পিত উপস্থিত হবলগীয়া হয় অসমৰ কামৰূপ জিলাৰ আৰক্ষী আৰু প্ৰশাসনৰ বৰমূৰীয়াসকল।

অসমৰ ভূখণ্ডত অসম চৰকাৰক চৰকাৰী কাৰ্যালয় স্থাপনতো বাধা প্ৰদান কৰিছে মেঘালয় চৰকাৰে। তাৰ পাছতো গা লৰা নাই অসম চৰকাৰৰ। এইবাৰ মেঘালয় ৰাজ্যৰ চৰকাৰৰ এটা বিভাগ নামি পৰিছে অগ্ৰাসনৰ বাবে। মেঘালয় বিদ্যুত বিতৰণ নিগম লিমিটেডে অসমৰ বকো সমষ্টিৰ অন্তৰ্গত লাম্পিৰ নিকটৱৰ্তী দ্ৰোণপাৰালৈ উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ সৰবৰাহী লাইন স্থাপন কৰিছে।

বকোৰ নিলগৰ দ্ৰোণপাৰাত মেঘালয় চৰকাৰে প্ৰধানমন্ত্ৰী সৌভাগ্য আচনিৰ জৰিয়তে দ্ৰোণপাৰাত থকা প্ৰত্যেক ঘৰতে বিনামূলীয়া বিদ্যুৎ সংযোগ দিয়াৰ বাবে যো-জা চলাইছে।

মেঘালয় চৰকাৰৰ এই অভিসন্ধিৰ বিষয়ে লাম্পিৰ গাঁৱবুঢ়া কৃষ্ণ শৰ্মা আৰু বিদ্যুৎ বিভাগে কামৰূপ জিলা প্ৰশাসনক এই সন্দৰ্ভত অৱগত কৰে।

ইয়াৰ পিছতে, আজি কামৰূপ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সন্ঞ্জীৱ শইকীয়া, কামৰূপ গ্ৰাম্য জিলাৰ অতিৰিক্ত উপায়ুক্ত সত্যজিৎ বৰুৱা, বকো ৰাজহ চক্ৰ বিষয়া সুৰজিৎ কলিতাকে ধৰি এটা আৰক্ষী, জিলা প্ৰশাসন আৰু বিদ্যুৎ বিভাগৰ দল এটা উপস্থিত হয়। আনহাতে, চুবুৰীয়া ৰাজ্য মেঘালয়ৰ অতিৰিক্ত উপায়ুক্ত পি ডি চাংমা, মেঘালয় বিদ্যুৎ বিতৰণ নিগম লিমিটেডৰ অভিযন্তা পি কে চুলেট আৰু কে. ৰাচৱাইও দ্ৰোণপাৰাত উপস্থিত হয়।

ইয়াৰ পিছতে দুই ৰাজ্যৰ জিলা প্ৰশাসনৰ বিষয়া সকলে অঞ্চলতো ভ্ৰমণ কৰে। অসমৰ জিলা প্ৰশাসনৰ ফালৰ পৰা মেঘালয়ৰ জিলা প্ৰশাসনক এই কাৰ্য বন্ধ ৰাখিবলৈ আহ্বান জনায়।

উল্লেখ যে অসম চৰকাৰৰ ব্যৰ্থতাৰ বাবেই মেঘালয় ৰাজ্যই অসমৰ ভূমিত আগ্ৰাসন অব্যাহত ৰাখিছে বুলি জনসাধাৰণে অভিযোগ উত্থাপন কৰিছে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,863 other subscribers

Leave a comment

Leave a Reply Cancel reply