হাইলাকান্দি – অসম-মিজোৰাম সীমান্তত পুনৰ উত্তেজনাৰ আকাংশ। অসমৰ ভূমিত চৰকাৰী কাম কাজত বাধা মিজো সংগঠনৰ। মিজো দুৰ্বৃত্তই বন্ধ কৰিলে অসম-মিজোৰাম সীমান্তত অসমৰ ভূমিত চলি থকা প্ৰধানমন্ত্ৰী চড়ক যোজনাৰ কাম।
পুনৰ অসম-মিজোৰাম সীমান্তত উত্তপ্ত পৰিস্থিতি। সীমা বিবাদক কেন্দ্ৰ কৰি উত্তাল প্ৰতিবাদ স্থানীয় ৰাইজৰ আৰু এই প্ৰতিবাদ সাব্যস্ত হৈছে হাইলাকান্দি জিলাৰ কাঠলিছেড়া সমষ্টিৰ অসম-মিজোৰাম সীমান্তৰ গল্লাছড়া অঞ্চলত। উল্লেখ্য যে অসম-মিজোৰাম সীমান্তত অসমৰ ভূমিত এটা পথ নিৰ্মাণৰ কাম আৰম্ভ হৈছিল কিন্ত কাম চলি থকাৰ মাজতে মিজো সংগঠনৰ কিছু লোক আহি এই চৰকাৰী কামত বাধা প্ৰদান কৰিছে যাৰ ফলত বন্ধ হৈ পৰিছে প্ৰধান মন্ত্ৰী চড়ক যোজনাৰ কাম।
ঝালনাছড়াৰ পৰা গল্লাছৰা হৈ ভৈৰবী সংযোগী এই পথটো প্ৰায় ৮ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কাম আৰম্ভ হৈছিল যদিও পথৰ কাম কিছু আগবঢ়াৰ পিছতেই মিজো সংগঠনৰ কিছু লোকে আহি ঠিকাদাৰক পথ নিৰ্মাণৰ কামত বাধা প্ৰদান কৰিছে। সংগঠনটোৰ দাবী এইটো অঞ্চল মিজোৰামৰ সীমান্তৰ গতিকে অসমৰ ফালৰ পৰা ইয়াত কোনো কাম কৰিব নোৱাৰিব।
পথ নিৰ্মাণৰ কামত মিজো সংগঠনৰ বাধাৰ পিছতে জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজ। অসম চৰকাৰে অসম-মিজোৰাম সীমান্তৰ সীমা বিবাদকলৈ কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰি স্থানীয় ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে। অসম চৰকাৰে অঞ্চলটোৰ সীমা বিবাদক লৈ গুৰুত্ব প্ৰদান নকৰাৰ ফলতেই এনেদৰে মিজো দুৰ্বৃত্তই অসমৰ সীমাৰ ভিতৰত সোমাই ভাবুকি প্ৰদান কৰি আহিছে বুলিও ৰাইজে ক্ষোভ উজাৰে।
প্ৰতিবাদকাৰী ৰাইজে ৭ দিনৰ ভিতৰত পুনৰ পথটোৰ নিৰ্মাণ কাম আৰম্ভ কৰাৰ দাবী জনাইছে। অন্যথা ১৫৪ নং ৰাষ্ট্ৰীয় পথ অবৰোধ কৰিব বুলি হুংকাৰ প্ৰদান কৰিছে স্থানীয় ৰাইজে। ইপিনে সীমান্ত সমস্যাকলৈ বিধায়ক সুজাম উদ্দিন লস্কৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে জাতি, মাটি আৰু ভেটিৰ কথা কোৱা সোণোৱাল চৰকাৰে সীমান্ত সমস্যা সমাধান নকৰে।