গুৱাহাটী – ‘মই অসমৰ মুখ্যমন্ত্ৰী হ’বলৈ সাজু’। শেহতীয়াকৈ ডেনিয়েল তপ্ন হত্যাকাণ্ড গোচৰৰ সৈতে সাঙোৰ খাই পৰা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰাৰ এই মন্তব্য। অৱশ্যে দলীয় হাইকামাণ্ডে বিচাৰিলেহে মুখ্যমন্ত্ৰীৰ দায়িত্ব ল’বলৈ সাজু বুলি উল্লেখ কৰিছে ৰিপুন বৰাই।
“নিশ্চিতভাৱে, যদিহে হাইকামাণ্ডে বিচাৰে তেন্তে মই মুখ্যমন্ত্ৰী হ’বলৈ সাজু।” আজি এক সভাত এইদৰে কয় ৰিপুন বৰাই।
তেওঁ লগতে কয় যে অনাগত নিৰ্বাচনত বিজেপিক ৰোধ কৰাৰ ক্ষেত্ৰত এআইইউডিএফ আৰু অন্যান্য বিজেপি বিৰোধী দলসমূহৰ সৈতে হ’বলগীয়া মিত্ৰতাৰ ক্ষেত্ৰত বিগ ব্ৰাদাৰ হিচাপে থাকিব কংগ্ৰেছ। আৰু মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থীজনো হ’ব কংগ্ৰেছৰে।
বৰাই লগতে কয়, “এই মহাজোঁট সত্ত্বেও আমি এই কথা স্পষ্ট কৰি দিবলৈ বিচাৰো যে আমিয়েই এই মহাজোঁটৰ বিগ ব্ৰাদাৰ হৈ থাকিম। কংগ্ৰেছৰ পৰাই মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থীগৰাকী থাকিব, তাত কোনো সন্দেহ নাই। যিহেতু কংগ্ৰেছ এক বৃহৎ দল, গতিকে মুখ্যমন্ত্ৰীও আমাৰ দলৰেই হ’ব। আৰু হাইকামাণ্ডে বিচাৰিলে ময়েই মুখ্যমন্ত্ৰী হ’ম।’”