অসম অনুসূচীত জাতি যুৱ ছাত্ৰ সন্থাৰ বিশ্বনাথ জিলা সমিতিৰ ত্ৰি-বাৰ্ষিক অধিবেশন

বিশ্বনাথ: অসম অনুসূচীত জাতি যুৱ ছাত্ৰ সন্থাৰ বিশ্বনাথ জিলা সমিতিৰ ত্ৰি-বাৰ্ষিক অধিবেশন খনি দেওবাৰে বিশ্বনাথ জিলাৰ অন্তৰ্গত বিহালী সমষ্টিৰ দক্ষিণ ৰাংছালী সেউজ মুখী মহিলা সমিতি খেল পথাৰত দিনযোৰা কার্যসূচীৰে সম্পন্ন হৈ যায়। সংস্থাৰ কেবাগৰাকী নেতৃবৃন্দই অংশগ্ৰহণ কৰা অধিবেশনৰ কাৰ্য্যসূচী অনুযায়ী পুৱা সমূহীয়া চাফাই অভিযানৰ কাৰ্যসূচীৰ অন্তত ড° আম্বেদকৰাৰ প্ৰতিমূৰ্তিত মাল্যাপৰ্ণ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ সন্থাৰ সম্পাদক নিত্যানন্দ দাসে।

ইয়াৰ পাছতে উলিওৱা বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ হয়। সাংস্কৃতিক শোভাযাত্ৰাৰ পাছত দিনৰ এক বজাত কেন্দ্ৰীয় সমিতিৰ সভাপতি নিপেন দাসৰ সভাপতিত্বত অনুষ্ঠিত বিষয় বাচনি সভাত বিগত কাৰ্যকালৰ বিভিন্ন কৰ্মৰাজীৰ ওপৰত আলোচনা কৰাৰ অন্তত নতুন সমিতি গঠন কৰা হয়। সভাত সৰ্বসন্মতি ক্ৰমে সিংহজিৎ হাজৰিকাক সভাপতি হিচাপে নিৰ্বাচিত কৰা হয় ।

উক্ত অনুস্থানত উপস্থিত থাকে সদৌ অসম অনুসূচীত জাতি যুৱ ছাত্র সন্থাৰ কেন্দ্ৰীয় সভাপতি নিপেন দাস , কেন্দ্ৰীয় সম্পাদক নিতানন্দ দাস, অখিল ভাৰতীয় জন সংঘৰ ৰাজ্যিক সভাপতি ৰুগেশ্বৰ খান্দোৱাল, অসম চৰকাৰৰ পেঞ্চন প্ৰাপ্ত সাংবাদিক অমিতাভ বৰুৱা, বিহালী যুৱ সমাজ কৰ্মি জয়ন্ত বৰা, প্ৰাক্তন খেলৱৈ নৱ দাস, অনুসূচীত জাতিৰ গহপুৰৰ শ্বেয়াৰ মেন সিধেশ্বৰ হাজৰিকা, সমাজ কৰ্মী শুকদেৱ বৰুৱাকে ধৰি বহু বিশিষ্ট ব্যক্তি লগতে স্থানীয় ৰাইজ ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,873 other subscribers

Leave a comment

Leave a Reply