গুৱাহাটী – ঘোষণা কৰা হ’ল অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ পৰীক্ষাৰ ফলাফল। ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি ব’ৰ্ডৰ অধীনত অনুষ্ঠিত হোৱা অসম আৰক্ষীৰ উপ পৰিদৰ্শন পদৰ পৰীক্ষাৰ ফলাফল অসম আৰক্ষীৰ ৱেবচাইটত ঘোষণা কৰা হৈছে। মুঠ ৫৯৭ পদৰ বাবে অনুষ্ঠিত হৈছিল পৰীক্ষা।
অৱশেষত ঘোষণা কৰা হ’ল অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ পৰীক্ষাৰ ফলাফল। মঙলাবাৰে নিশা ১২ বজাত অসম আৰক্ষীৰ ৱেবচাইটত ঘোষণা কৰা হৈছে অসম আৰক্ষীৰ উপ পৰিদৰ্শক পৰীক্ষাৰ ফলাফল। মুঠ ৫৯৭ পদৰ বাবে অনুষ্ঠিত হোৱা পৰীক্ষাত উত্তীৰ্ণ হৈছে ৪১৮ গৰাকী পুৰুষ আৰু ১৭৯ গৰাকী মহিলা।
যোৱা বছৰ ২২ নৱেম্বৰত অনুষ্ঠিত হৈছিল অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ ৫৯৭ পদৰ পৰীক্ষা। উল্লেখ্য যে অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ লিখিত পৰীক্ষা প্ৰথমে যোৱা বছৰ ২০ ছেপ্টেম্বৰ তাৰিখে অনুষ্ঠিত হৈছিল যদিও এই লিখিত পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হোৱাৰ পিছত পৰীক্ষা বাতিল কৰা হৈছিল।
প্ৰশ্ন কাকত ফাদিল পিছতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰশ্ন কাকত ফাদিল তদন্ত ঘোষণা কৰিছিল। তদন্তত প্ৰশ্ন কাকত ফাদিল লগত জড়িত থকাৰ অভিযোগত বহু শীৰ্ষ বিষয়া জালত পৰিছিল।