গুৱাহাটী- অসম আৰক্ষীৰ পাঁচ গৰাকী শীৰ্ষ বিষয়াক ৰদ বদল। ৰাজ্য় চৰকাৰে পদোন্নতিসহ বদলি কৰে শীৰ্ষ বিষয়াকেইজনক। মহানগৰ আৰক্ষীৰ আৰক্ষী আয়ুক্ত তথা বিশেষ শাখাৰ দায়িত্বত থকা অতিৰিক্ত সঞ্চালক প্ৰধান মুন্না প্ৰসাদ গুপ্তাক অপৰাধ অনুসন্ধান শাখাৰ অতিৰিক্ত সঞ্চালকপ্ৰধান হিচাবে বদলি কৰা হয়। আই বিৰ যুটীয়া সঞ্চালক তথা সম্প্ৰতি কানাডাত থকা ভাৰতীয় উচ্চায়ুক্তৰ কাৰ্যালয়ৰ কাউঞ্চেলৰ বিনীতা শৰ্মা আৰু বিশেষ শাখাৰ মহাপৰিদৰ্শক হীৰেন চন্দ্ৰ নাথক অতিৰিক্ত সঞ্চালক পদলৈ পদোন্নতি দিয়া হয়।

আনহাতে কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা কলকাতা কাৰ্যালয়ত থকা ডি আই জি অখিলেশ কুমাৰ সিং আৰু অসম আৰক্ষীৰ ডি আই জি অভিজিত বৰাক আৰক্ষী মহাপৰিদৰ্শক পদলৈ পদোন্নতি দিয়া হয়। অধিসূচনাত উল্লেখ কৰা মতে অভিজিত বৰাক অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী বাহিনীৰ মহাপৰিদৰ্শক বিচাবে বদলি কৰা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply