অসম আৰক্ষীৰ শীৰ্ষ বিষয়াৰ ৰদ বদল

গুৱাহাটী– নৱবৰ্ষৰ পহিলাদিনটোতে অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ৰদ বদল। আবুধাবীৰ প্ৰথম সচিব সুনীল কুমাৰক অসম আৰক্ষীৰ ডিআইজিপিৰ দায়িত্বভাৰ দিয়া হয়। কামৰূপৰ আৰক্ষী অধীক্ষক পাৰ্থ সাৰথি মহন্তক গুৱাহাটীৰ ডিআইজিৰ দায়িত্ব দিয়া হয়। গুৱাহাটীৰ যুটিয়া আৰক্ষী আয়ুক্ত দেৱৰাজ উপাধ্যায়ক একে স্থানৰে ‘জইন কমিছনাৰৰ দায়িত্ব দিয়া হয় ৷

‘হাই কমিছন অৱ ইণ্ডিয়া’,আবুধাবীৰ প্ৰথম সচিব সুনীল কুমাৰক অসম আৰক্ষীৰ ডিআইজিপিৰ দায়িত্বভাৰ দিয়া হয়।

ডিব্ৰুগড়ৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পদ্মনাভ বৰুৱাক যোৰহাটৰ SB(EZ) কেম্পৰ আৰক্ষী অধীক্ষকৰ দায়িত্ব দিয়াৰ লগতে পুলিচ কমিচনাৰেট গুৱাহাটীৰ Addl. DCP শুভ্ৰজিৎ বৰাক পদোন্নতিসহ কোকৰাঝাৰৰ চাৰিখোলাস্থিত সপ্তম বেটেলিয়ানৰ কামাণ্ডেন্টৰ দায়িত্ব দিয়া হয়৷

ইফালে নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মহন লাল মিনাক ওদালগুৰিৰ খাজুৱাবিলৰ 3rd APTF Bn. ৰ কামাণ্ডেন্টৰ দায়িত্ব দিয়া হয়৷ কোকৰাঝাৰৰ চাৰিখোলাস্থিত সপ্তম বেটেলিয়ানৰ কামাণ্ডেন্ট মনমোহন বড়ো (APS) ক BI(EO-1) ৰ আৰক্ষী অধীক্ষকৰ দায়িত্ব আৰু নগাঁও বড়মপুৰস্থিত নবম বেটেলিয়ানৰ কামাণ্ডেন্ট হিতেশ চন্দ্ৰ ৰয়ক কামৰূপৰ আৰক্ষী অধীক্ষকৰ দায়িত্ব দিয়া হয়।

বাক্সাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক লামহাও ডুংগেলক অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ বদলি ।কৰিমগঞ্জৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জ্যোতিৰঞ্জন নাথক কোকৰাঝাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ দায়িত্ব, নলবাৰীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আছিফ আহমেদক অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ বদলি কৰা হয়৷

অসম আৰক্ষীৰ AIGP(Logistics) ধৰ্মেন্দ্ৰ কুমাৰ দাসক DCP(ops) ৰ দায়িত্ব প্ৰদান কৰাৰ লগতে যোৰহাটস্থিত SB (EZ) ৰ আৰক্ষী অধীক্ষক লীনা দলেক গুৱাহাটীৰ SB(Z)ৰ আৰক্ষী অধীক্ষকৰ দায়িত্ব, কোকৰাঝাৰ গোসাঁইগাঁৱৰ SDPO সিদ্ধাৰ্থ বৰগোঁহাইক বাক্সাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ দায়িত্ব, সৰুপথাৰৰ SDPO পংকজ যাদৱক কৰিমগঞ্জৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ দায়িত্ব, মাইবঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পুষ্কিন জৈনক নলবাৰীৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ দায়িত্ব দিয়া হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply