গুৱাহাটী – দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকমূহুৰ্তত আজি অসম আৰক্ষীৰ মুখ্যমন্ত্ৰীৰ পদকসমূহ ঘোষণা কৰা হয়। সেই অনুসৰি জৰুৰীকালীন আৰু সংকটকালীন পৰিস্থিতিত আগবঢ়োৱা সেৱাৰ বাবে মুখ্যমন্ত্ৰীৰ বিশেষ সেৱা মেডেল এছ আই সমুজ্জল কাকতি আৰু ইউ বি চি ৰাজীৱ বৰদলৈলৈ মৰনোত্তৰভাৱে আগবঢ়োৱা হয়।
আনহাতে, একেটা শিতানত মুখ্যমন্ত্ৰীৰ বিশেষ সেৱা মেডেল লাভ কৰে কাছাৰৰ আৰক্ষী অধীক্ষক ৰমনদীপ কৌৰ, বজালীৰ আৰক্ষী অধীক্ষক ধৰ্মেন্দ্ৰ কুমাৰ দাস, ডি এছ পি পুষ্কৰ গগৈ, ডি এছ পি বৰকিৰি টেৰাং, পৰিদৰ্শক অমৃত কুমাৰ সিং, উপ-পৰিদৰ্শক দেবব্ৰত ফুকন, উপ পৰিদৰ্শক লক্ষীন্দ্ৰ শইকীয়া, উপ-পৰিদৰ্শক মহিদুল জামানে ৷
লগতে ষ্টেচন অফিচাৰ সঞ্জয় সিংহ, চাব-অফিচাৰ নন্দৰাম বৰদলৈ, লিডিং ফায়াৰমেন হৰদীপ সিং, ফায়াৰমেন নিৰ্মল ৰাভা, ই আৰ অজয় সুকাই, ই আৰ শংকৰ চন্দ্ৰ ৰায়, ইউ বি চি এন বিনয় কুমাৰ সিংহ আৰু ইউ বি চি নবেন্দু বৰ্মনকো প্ৰদান কৰা হ’ব এই বঁটা।
ঘোষণা কৰা হয় অসম আৰক্ষীৰ মুখ্যমন্ত্ৰীৰ পদকসমূহসেইদৰে উৎকৃষ্ট সেৱাৰ মুখ্যমন্ত্ৰীৰ পুলিচ মেডেল লাভ কৰে সহকাৰী আৰক্ষী মহা পৰিদৰ্শক ড৹ ধনঞ্জয় পৰশুৰাম ঘনৱাট, আৰক্ষী অধীক্ষক মুজিবুৰ ৰহমান, আৰক্ষী অধীক্ষক ভি ভি ৰাকেশ ৰেড্ডী পালাগিৰি, অধিনায়ক সঞ্জীৱ কুমাৰ শইকীয়া, অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱজ্যোতি নাথ, এছ ডি পি অ’ সৌৰভ গুপ্তা, এছ ডি পি অ’ সুশান্ত সিঙক ৷লগতে উপ-আৰক্ষী অধীক্ষক কল্যান কুমাৰ পাঠক, উপ-আৰক্ষী অধীক্ষক নাহিদ কৰিস্মা, উপ-আৰক্ষী অধীক্ষক মুজাফাৰ হুছেইন, উপ-আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম দুৱৰা, পৰিদৰ্শক সঞ্জিত কুমাৰ ৰায়, পৰিদৰ্শক গৌৰৱ জ্যোতি মহন্ত, পৰিদৰ্শক দীপক দাস, পৰিদৰ্শক মনেশ্বৰ বে, উপ পৰিদৰ্শক কপিল পাঠক, এ বি চি বন্ধুৰাম বসুমতাৰী, এ বি চি পৰিতোষ নাথ, এ বি চি পৰাগ ডেকা আৰু অজিত গগৈয়ে লাভ কৰিব উৎকৃষ্ট সেৱাৰ মুখ্যমন্ত্ৰীৰ পুলিচ মেডেল ।