গুৱাহাটী – কংগ্ৰেছৰ এগৰাকী বৰ্তমানৰ বিধায়কৰ লগতে এগৰাকী প্ৰাক্তন বিধায়িকাৰ মৃত্যু। বদৰপুৰৰ বৰ্তমানৰ বিধায়ক জামাল উদ্দীন আহমেদৰ লগতে দেৰগাঁও সমষ্টিৰ বিধায়িকা আৰতি হাজৰিকা কছাৰীৰ অকাল মৃত্যু। ২০২১ ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ দলৰ বাবে বৃহৎ ক্ষতি।
আগন্তক ২০২১ বর্ষৰ বিধানসভা নিৰ্বাচনকৈ ৰাজনৈতিক দল সমূহে ৰণ কৌশল তৈয়াৰ কৰি থকাৰ মাজতে বিৰোধী দল কংগ্ৰেছ দলৰ বাবে শোকৰ বতৰা। কংগ্ৰেছৰ দলে বিধানসভা নিৰ্বাচনৰ পূৰ্বে হেৰুৱালে একগৰীয়া বর্তমানৰ বিধায়কৰ লগতে এগৰাকী প্ৰাক্তন বিধায়িকা।
মঙলাবাৰে নিশা কংগ্ৰেছ দলৰ বদৰপুৰৰ বিধায়ক জামাল উদ্দীন আহমেদৰ দেহাৱসান ঘটে। নিশাৰ ভাগত কৰিমগঞ্জস্থিত নিজা বাসভৱনত হঠাৎ অসুস্থ হৈ পৰে বিধায়ক গৰাকী। পৰিয়ালৰ লোকে বিধায়ক জামাল উদ্দীন আহমেদক নিশা চিকিৎসলায়ত ভৰ্তি কৰায় যদিও কিছু সময় পিছতে জামাল উদ্দীন আহমেদৰ মৃত্যু ঘটে।
মৃত্যুৰ সময়ত বদৰপুৰৰ বিধায়ক জামাল উদ্দীন আহমেদৰ বয়স আছিল ৬৬ বছৰ। উল্লেখ্য যে জামাল উদ্দীন আহমেদ কংগ্ৰেছ দলৰ হৈ বদৰপুৰৰ পৰা ২০০১, ২০১১ আৰু ২০১৬ চনত বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল। বিধায়ক জামাল উদ্দীন আহমেদৰ শেষকৃত্য বুধবাৰে আবেলি চাৰি বজাত সম্পন্ন কৰা হ’ব।
মঙলাবাৰে নিশাৰ ভাগত বৰ্তমানৰ এগৰাকী বিধায়কৰ মৃত্যুৰ খবৰৰ পিছতে বুধবাৰে পুৱতি নিশা কংগ্ৰেছ দললৈ আহে অন্য এটা বেয়া খবৰ। পুৱতি নিশা কংগ্ৰেছ দলৰ দেৰগাঁও সমষ্টিৰ প্ৰাক্তন বিধায়িকা আৰতি হাজৰিকা কছাৰীৰ অকাল মৃত্যু ঘটে। পুৱতি নিশা ২.১৫ মিনিটত হৃদয়ৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লয় দেৰগাঁওৰ প্ৰাক্তন বিধায়িকা গৰাকীয়ে।
২০১১ চনত দেৰগাঁও সমষ্টিৰ পৰা নিৰ্বাচিত হৈ আৰতি হাজৰিকা কছাৰী আছিল অসম চৰকাৰৰ সংসদীয় সচিব। কংগ্ৰেছ দলৰ প্ৰাক্তন বিধায়িকা গৰাকীৰ অকাল মৃত্যুৱে সমগ্ৰ দেৰগাঁও অঞ্চলত শোকৰ ছাঁ পেলাইছে। বৰ্তমান অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদিকাৰ দায়িত্বত আছিল আৰতি হাজৰিকা কছাৰী।