যোৰহাট – অসম কৃষি বিশ্ববিদ্যালয়ৰ যোৰহাটস্থিত মুল চৌহদত নিৰ্মাণ হোৱা সমন্বিত পাম পদ্ধতিৰ অগ্ৰণী গৱেষণা কেন্দ্ৰৰ নৱনিৰ্মিত ভৱনটো সোমবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ অৰ্থসাহাৰ্যৰে নিৰ্মাণ কৰি উলিওৱা এই কেন্দ্ৰটো আনুষ্ঠানিকভাৱে মুকলি কৰে অসম বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামীয়ে।

অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° বিদ্যুত চন্দন ডেকাৰ উপস্থিতিত সমন্বিত পাম পদ্ধতি গৱেষণা প্ৰকল্পৰ মুখ্য শস্যবিজ্ঞানী ড° কৰুণাকান্ত শৰ্মাই আত ধৰা এক অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰি ফিটা কাটি ভৱনটো মুকলি কৰা হয়। তদুপৰি বিশ্ববেংকৰ অৰ্থসাহাৰ্য্যৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ যোৰহাটৰ মুল চৌহদত নিৰ্মাণ হ’বলগীয়া কৃষি বাণিজ্য বুদ্ধিমত্তা প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন কৰে। এই অনুষ্ঠানৰ আত ধৰে কৃষি অৰ্থনীতি বিভাগৰ অধ্যাপক ড° ৰমেণ শৰ্মাই। আনহাতে অসম কৃষি বিশ্ববিদ্যালয়ৰ উত্তৰ পূব কৃষি জৈৱপ্ৰযুক্তিবিদ্যা কেন্দ্ৰৰো আধাৰশিলা স্থাপন কৰে অধ্যক্ষগৰাকীয়ে।

তদুপৰি এই অনুষ্ঠানৰ লগতে ঘাহ শস্য প্ৰদৰ্শন আৰু জনজাতি উপ আঁচনিৰ সৰ্বভাৰতীয় সমন্বয়ৰক্ষী ঘাহ শস্য গৱেষণা কেন্দ্ৰৰ অধীনত ৰাজ্যৰ নিৰ্বাচিত প্ৰগতিশীল কৃষকক স্প্ৰে মেছিন আৰু কৃষি সজুলি বিতৰণ কৰা হয়। সৰ্বভাৰতীয় সমন্বয়ৰক্ষী ঘাহ শস্য গৱেষণা কেন্দ্ৰৰ মুৰব্বী ড° সেউজী বৰা নেওগে আত ধৰা অনুষ্ঠানত কৃষি সজুলিসমুহ বিতৰণ কৰে অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামী, উপাচাৰ্য ড° বিদ্যুত চন্দন ডেকাই।

এই উপলক্ষে বিশ্ববিদ্যালয়ৰ মাধৱ চন্দ্ৰ দাস সোৱৰণী প্ৰেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত অধ্যক্ষ গৰাকীয়ে কয় যে অসম কৃষি বিশ্ববিদ্যালয়ক লৈ তেখেতে সদায় এক গৌৱৰ অনুভৱ কৰে। জন্মৰে পৰা এই বিশ্ববিদ্যালয়ৰ সৈতে মোৰ সম্পৰ্ক আছে আৰু এই বিশ্ববিদ্যালয়ে ৰাজ্যৰ সামগ্ৰিক কৃষি উন্নয়নৰ দিশত আগবঢ়োৱা অৱদানৰ কথা আমি শ্ৰদ্ধাৰে সোৱৰণ কৰিব লাগে। বিশ্ববিদ্যালয়ৰ উত্তৰণৰ দিশত তেখেত সচেষ্ট বুলি মত ব্যক্ত কৰে।

বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অৰ্পণ কুমাৰ শইকীয়াই আদৰণি ভাষণ আগবঢ়োৱা সভাখনত ভাষণ আগবঢ়াই উপাচাৰ্য ড° ডেকাই বিশ্ববিদ্যালয়ক লৈ তেওঁ দেখা সপোন আৰু পৰিকল্পনাৰ বিষয়ে বাখ্যা আগবঢ়াই কয় যে কৃষিৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতি সবলীকৰণৰ যি ধাৰণা তাক বাস্তবায়িক কৰিবৰ বাবে এক অভিলাসী পৰিকল্পনা হাতত লোৱা হৈছে। কৃষকৰ আয় দুগুণ কৰি এই দিশত আগবঢ়াই নিয়াৰ বাবে সমন্বিত পাম পদ্ধতিৰ সম্প্ৰসাৰণৰ ওপৰতো অধিক গুৰুত্ব দিয়া হৈছে।

যুটীয়া পঞ্জীয়ক ড° অনুপ কুমাৰ দাসে আত ধৰা এই অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ কৃষি গৱেষণা সঞ্চালক ড° অশোক ভট্টাচাৰ্য্য, কৃষি বিজ্ঞানগুৰু ড° জয়ন্ত ডেকা, সামুহিক বিজ্ঞান মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত বিজ্ঞানগুৰু ড° প্ৰণতি দাস, সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড° প্ৰসন্ন কুমাৰ পাঠক, স্নাতকোত্তৰ শিক্ষা সঞ্চালক ড° অজিত বৈশ্য , উত্তৰ পূব কৃষি জৈৱপ্ৰযুক্তিবিদ্যা কেন্দ্ৰৰ সঞ্চালক ড° বিদ্যুত শৰ্মা, ছাত্ৰ কল্যাণ সঞ্চালক ড° ৰাণা প্ৰতাপ ভূঞা, সহযোগী গৱেষণা সঞ্চালক ড° মৃণাল শইকীয়া, সহযোগী সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড° ৰঞ্জিত কুমাৰ সাউদ, চিফ লাইব্ৰেৰীয়ান ড° চন্দন হাজৰিকা, নেইষ্টৰ প্ৰাক্তন বিজ্ঞানী ড° পৰাণ বৰুৱাৰ লগতে বিশ্ববিদ্যালয়ৰ অধ্যাপক, গৱেষক আৰু কৰ্মচাৰীসকলেও অংশগ্ৰহণ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply