অভয়াপুৰীত সভাৰ মাজতে উতপ্ত পৰিস্থিতি

অভয়াপুৰী: নতুনকৈ গঠন হোৱা ৰাজনৈতিক দল অসম জাতীয় পৰিষদতো প্ৰাৰ্থীত্ব কেন্দ্ৰীক সংঘাতে ভুমুকি মাৰিছে | নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ব্যপক তৎপৰ হোৱা পৰিলক্ষিত হৈছে বিভিন্ন ৰাজনৈতিক দল তথা নেতা কৰ্মী সকলোৰ মাজত। বঙাইগাঁও জিলাৰ ৩৪ নং অভয়াপুৰী উত্তৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত মাণিকপুৰত অসম জাতীয় পৰিষদৰ অভয়াপুৰী উত্তৰ বিধান সভা সমষ্টিৰ কমিটি গঠনৰ বাবে হোৱা সভাত আমিনুল ইছলামক সভাপতিৰ দায়িত্ব দিয়াক লৈ মঞ্চতেই এক বিতৰ্কৰ সৃষ্টি হয়। পিছত সভা পৰিচালনাৰ বাবে সভানেত্ৰী হিচাপে দায়িত্ব দিয়া হয় তত্ত্বাৱধায়ক হিচাপে অহা অপৰাজিতা বৰাক।

সভাত কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি তথা ৰাইজৰ দলৰ পৰা অভয়াপুৰী উত্তৰ বিধান সভা সমষ্টিৰ প্ৰাৰ্থিত্বৰ প্ৰত্যাশী তথা প্ৰাক্তন বিধায়ক মকবুল হুছেইন আৰু আন গৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশী অজন্তা বৰুৱা উপস্থিত।

সভাত সমষ্টি কমিটি গঠনৰ বাবে সমষ্টি কমিটিৰ সভাপতি হিচাপে দুয়োজন প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে নিজৰ নিজৰ পছন্দৰ প্ৰাৰ্থিৰ লগতে সমৰ্থনকাৰীক লগত লৈ আহে। সমষ্টি কমিটিৰ সভাপতি হিচাপে একাংশই আমিনুল ইছলামক সমৰ্থন কৰে যদিও আন একাংশই মহম্মদ আলীক সমৰ্থন জনায়। ইয়াৰ লগে লগে দুটা ফৈদৰ মাজত সংঘাত স্পষ্ট ভাৱ প্ৰকাশ পায় আৰু ইয়াকে লৈ সভাৰ মাজতেই উত্তেজনাৰ সৃষ্টি হয়।

দুয়ো পক্ষৰ মাজত তুমুল তৰ্ক বিতৰ্কৰ পিছত আমিনুল ইছলামক সমষ্টি কমিটিৰ সভাপতি হিচাপে লৈ এখন তদৰ্থক সমষ্টি কমিটি গঠন কৰা হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply