অসম জাতীয় পৰিষদত যোগদান কৰিব যুৱ উদ্যোগী আন্ত:ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ডিজাইনৰ উৎপল বনিয়াই

নগাঁও – অসম জাতীয় পৰিষদত যোগদান কৰিব উদ্যোগী যুৱ ব্যৱসায়ী উৎপল বনিয়াই। অসমীয়া কেঁচা সোণৰ গহনাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা নগাঁৱৰ যুৱক উৎপল বনিয়াই “কা” বিৰোধী আন্দোলনত আৰম্ভণিৰ পৰাই সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল।

শেহতীয়াকৈ “কা” আন্দোলনক কেন্দ্ৰ কৰি গঠন হোৱা অসম জাতীয় পৰিষদত যোগদান কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে উৎপল বনিয়াই। অহা ১৬ জানুৱাৰীত নগাঁও জিলা সমিতিৰ উদ্যোগত ৰহা বিধানসভা সমষ্টিৰ কঁচুৱাত অনুষ্ঠিত হ’বলগীয়া অসম জাতীয় পৰিষদৰ এক বিশাল গণ সমাবেশত আঞ্চলিক দলটোত যোগদান কৰিব নগাঁৱৰ বিশিষ্ট যুৱ উদ্যোগী তথা কেইবাটাও ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় বঁটাপ্রাপক অসমীয়া গহনাৰ ডিজাইনাৰ উৎপল বনিয়াই।

সোমবাৰে এক সংবাদ মেলৰ আয়োজন কৰি উৎপল বনিয়াই অসম জাতীয় পৰিষদ দলত যোগদান কৰাৰ কথা ঘোষণা কৰে। উল্লেখ্য যে অসম জাতীয় পৰিষদৰ আদর্শৰ প্ৰতি আকৰ্ষিত হৈ ইতিমধ্যে বহু লোকে দলটোত যোগদান কৰিছে। সোমবাৰে গুৱাহাটীত ৰাজ্য চৰকাৰৰ কেইবাগৰাকী প্ৰাক্তন বিষয়াই অসম জাতীয় পৰিষদত যোগদান কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply