গুৱাহাটী – অসম জাতীয় পৰিষদত যোগদান কৰিলে ৰাজ্য চৰকাৰৰ কেইবাগৰাকী প্ৰাক্তন বিষয়াই। প্ৰাক্তন চৰকাৰী বিষয়াৰ লগতে অসম জাতীয় পৰিষদলৈ আহিল অসম গণ পৰিষদৰ ভগ্নী সংগঠনৰ দুগৰাকী নেত্ৰী আৰু যুৱ কংগ্ৰেছৰ এগৰাকী নেত্ৰী। যোগদান অনুষ্ঠানত বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় বাতৰি কাকত বিক্ৰী কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হোৱা নুৰ মহম্মদ আলীক।

“কা” আন্দোলনৰ বিৰোধিতা কৰি ৰাজ্যত গঠন কৰা নতুন আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদে ইতিমধ্যে আৰম্ভ কৰিছে ২০২১ ৰ বিধানসভা নিৰ্বাচনৰ ৰণ কৌশল। দলটোৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে ইতিমধ্যে অসম জাতীয় পৰিষদৰ ভেটি শক্তিশালী কৰাৰ উদ্দেশ্যে ৰাজ্যজুৰি অভিযান চলাই থকাৰ মাজতে দলটোক শক্তিশালী কৰি তুলিবলৈ আগুৱাই আহিছে সমাজৰ বিভিন্ন শ্ৰেণীৰ ৰাইজ।

সোমবাৰে অসম জাতীয় পৰিষদৰ আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অসম জাতীয় পৰিষদত যোগদনা কৰে। অসম চৰকাৰৰ কেইবাগৰাকী প্ৰাক্তন বিষয়াৰ লগতে অসম গণ পৰিষদৰ ভগ্নী সংগঠন অসম মহিলা পৰিষদৰ দুগৰাকী নেত্ৰী আৰু যুৱ কংগ্ৰেছৰ এগৰাকী নেত্ৰীয়ে আনুষ্ঠানিকভাৱে অসম জাতীয় পৰিষদত যোগদান কৰে।

অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ লগতে আঞ্চলিক দলটোৰ অন্যান্য নেতা সকলে যোগদান কৰা ব্যক্তি সকলক দললৈ আদৰণি জনায়। যোগদান অনুষ্ঠানত লুৰিণজ্যোতি গগৈয়ে কয় “অসম চৰকাৰৰ প্ৰাক্তন বিষয়া সকলে অসম জাতীয় পৰিষদ দলত যোগদান কৰাটোৱে প্ৰমাণ কৰে যে অসম জাতীয় পৰিষদৰ প্ৰতি অসম ৰাইজৰ আস্থা অধিক শক্তিশালী হৈছে”।

অসম জাতীয় পৰিষদৰ যোগদান অনুষ্ঠানত নলবাৰী জিলাৰ ধমধমাৰ এগৰাকী যুৱকে দৰিদ্ৰতাৰ নেওচি লাভ কৰা বিশেষ সাফল্যৰ বাবে যুৱকজনক সম্বৰ্ধনা জনোৱা হয়। নুৰ মহম্মদ আলী নামৰ যুৱকজনে বাতৰি কাকত বিক্ৰী কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হোৱাৰ বাবে অসম জাতীয় পৰিষদৰ ফালৰ পৰা যুৱক জনক সম্বৰ্ধনা জনায় দলটোৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply