নতুন সুত্ৰ মন্ত্ৰী পিযুষ হাজৰিকাৰ

তেজপুৰ: ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পিযুষ হাজৰিকাৰ অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ মিত্ৰতাক লৈ নতুন অংক | শূণ্য লগত শূণ্য যোগ কৰিলে যি হ’ব মিত্ৰতাৰ ফলাফলো একেই ওলাব , এই মন্তব্য কৰিলে মন্ত্ৰী পিযুষ হাজৰিকাই | দুয়োটা দলকে সমালোচনা কৰি আৰু কয় ,

“উজনি অসমত সভা কৰিব নোৱাৰা হ’ল , নামনি আৰু মধ্য অসমত খিলঞ্জীয়া তথা অসমীয়া বসতিপ্ৰধান অঞ্চলত কেৱল মাত্ৰ বংগমূলীয় বসতি প্ৰধান অঞ্চলতহে তেওঁলোকে সভা কৰিছে৷ বংগমূলীয় লোকৰ ত্ৰাণকৰ্তা ৰূপত এতিয়া সেই সকল অৱতীৰ্ণ হৈছে৷ অসমীয়া লোক সকলে তেওঁলোকক আৰম্ভণিৰ পৰাই বৰ্জন কৰিছে৷” আগন্তুক নিৰ্বাচনত সেই দলে এখনো আসন নাপায়৷ এই ভৱিষ্যত বাণী মন্ত্ৰী পিয়ুষ হাজৰিকাৰ৷

শুকুৰবাৰে তেজপুৰত এই মন্তব্য মন্ত্ৰী পিয়ুষ হাজৰিকাৰ৷ এতিয়া এই দুটা দলে অসমীয়া বসতি প্ৰধান অঞ্চলত সভা পতা বন্ধ কৰি বংগমূলীয় লোকৰ বসতি প্ৰধান অঞ্চলতহে সভা অনুষ্ঠিত কৰা বুলি আঞ্চলিক দল দুটাক সমালোচনা কৰে৷

অহা ৭ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী শোণিতপুৰ অহাৰ দিনা তেজপুৰৰ জ্যোতি বিষ্ণু ক্ষেত্ৰত অসম জাতীয় পৰিষদৰ জাতীয় অভিবৰ্তনত কিমান লোকৰ সমাগম হ’ব , কোন কোন লোক আহিব সেয়াও ক’লে মন্ত্ৰীজনে৷ মাত্ৰ অসমীয়াৰ পৰিপন্থী এটা সম্প্ৰদায়ৰ ওপৰতে এতিয়া জাতীয় পৰিষদ আৰু ৰাইজৰ দলে নিৰ্ভৰ কৰিছে বুলিও মন্তব্য পিয়ুষ হাজৰিকাৰ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply