সোণাৰি : আন্ত: ৰাজ্যিক গাড়ী সৰবৰাহৰ ক’ৰিডৰত পৰিণত হৈছে অসম-নগালেণ্ড সীমান্তৰ নামতোলা । অপৰাধীৰ ৰম্যভূমিত পৰিণত হোৱা নামতোলাত চুৰি বাইকসহ দুই বাইক চোৰ আটক । সোণাৰি-নামতোলা পথেদি নাগালেণ্ডত চুৰি বাইক বিক্ৰী কৰিবলৈ আহি আটক হ’ল যোৰহাটৰ দুই যুৱক।
যোৰহাট পুলিবৰৰ মহ বন্ধা অঞ্চলৰ বিকাশ মিৰ্দ্ধা(১৯)আৰু বাবে বিজয় মিৰ্দ্ধা(২০)ই এ এছ ২৩ এন ১৯৯৩ নম্বৰৰ বুলেট এখন চুৰি কৰি নামতোলা হৈ নাগালেণ্ডত প্ৰবেশ কৰিব বিচাৰোতেই নামতোলা আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় । উল্লেখযোগ্য যে অসমৰ এক বৃহৎ বাইক চোৰৰ দলে বিভিন্ন স্থানৰ পৰা বাইক চুৰি কৰি সোণাৰিৰ নামতোলা পথেদি নাগালেণ্ডত চুৰি বাইক সমূহ বিক্ৰী কৰি আহিছে বিভিন্ন সময়ত।