অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতা Credit: ইষ্ট ম'জ'

গুৱাহাটী– অসমবাসীৰ বাবে নিৰ্বাচনৰ প্ৰাকমূহুৰ্ততে ভাল খবৰ। প্ৰথমবাৰৰ বাবে অসমীয়া ভাষাৰ ইউনিক’ড ফন্ট প্ৰস্তুত কৰি উলিয়ালে অসম প্ৰকাশন পৰিষদে। অসম প্ৰকাশন পৰিষদে দেওবাৰে মুকলি কৰিলে দুটাকৈ অসমীয়া ভাষাৰ এপ। ইয়াৰ ফলত পৃথিৱীৰ সকলোতে MS office বা Browser সমূহতো ছপাযোগ্য অসমীয়া ভাষা লিখিব পৰা হ’ব।

‘বাণীকান্ত অসমীয়া ইউনিক’ড ফ’ন্ট’ আৰু ‘ৰসৰাজ ৰূপান্তৰক’ নামৰ এপ দুটা মুকলি কৰিলে অসম প্রকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহা আৰু অসম সাহিত্য সভাৰ সভাপতি ডঃ কুলধৰ শইকীয়াই।

অসমীয়া নৰ্মেল, অসমীয়া ইটালিক, অসমীয়া ব’ল্ড আৰু ইংৰাজী ফণ্টৰ লগতে অসমীয়া ভাষাত ব্যৱহাৰ হোৱা আইপিএ এই ইউনিক’ড ফ্ৰ’ণ্টে অসমীয়া ভাষাৰ কাৰিকৰী সমস্যা নাইকিয়া কৰিব বুলি আশা প্রকাশ কৰা হৈছে।

অসম প্রকাশন পৰিষদৰ www.publicationboardassam.com বেৱছাইটত বিনামূলীয়াকৈ উপলব্ধ হ’ব ‘বাণীকান্ত অসমীয়া ইউনিক’ড ফ্ৰ’ণ্ট’ আৰু ‘ৰসৰাজ ৰূপান্তৰক’ ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply