গুৱাহাটী– অসম প্ৰদেশ কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছে কমল কুমাৰ মেধিয়ে। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰালৈ ইতিমধ্য়ে কমল কুমাৰ মেধিয়ে প্ৰেৰণ কৰিছে পদত্যাগ পত্ৰ ।
কমল কুমাৰ মেধি কংগ্ৰেছৰ মুখপাত্ৰ হিচাবে থকাৰ লগতে আৰটিআই বিভাগৰ অধ্যক্ষৰ দায়িত্বতো আছিল। ২০১৮ চনৰ ১৯ জুনত কংগ্ৰেছত যোগদান কৰিছিল কমল কুমাৰ মেধিয়ে। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ পৰা আঁতৰি অহাৰ পিছতেই কংগ্ৰেছত যোগদান কৰিছিল মেধিয়ে ।
অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুণ বৰালৈ প্ৰেৰণ কৰা পদত্যাগ পত্ৰত কমল কুমাৰ মেধিয়ে কংগ্ৰেছ দলৰ মুখপাত্ৰ পদৰ লগতে আৰটিআই চেলৰ সভাপতি আৰু দলৰ সাধাৰণ সদস্য পদৰ পৰাও পদত্যাগ কৰে।