অসম বিধান সভা

গুৱাহাটী:- আজিৰে পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ শীতকালীন অধিৱেশন।তিনিদিনীয়াকৈ হ’ব লগা বিধানসভাৰ এই অধিৱেশনত ১০খন বিধেয়ক উত্থাপন হ’ব |কোৰোনাকেন্দ্ৰিক পৰিস্থিতিৰ বাবে এইবাৰ পূৰ্বতকৈ কিছু পৃথক হব এই অধিৱেশন। পুৱা ৯.৩০বজাৰ পৰা আৰম্ভ হৈছে অধিৱেশনৰ কাম-কাজ।

এইবাৰৰ অধিবেশনত বিত্তমন্ত্ৰীয়ে ২০২০-২১ৰ পৰিপূৰক দাবী আৰু পৰিপূৰক বিনিয়োজন সমূহ দাখিল কৰিব ইয়াৰ লগতে ‘দ্য আছাম লেংগুৱেজ (এমেণ্ডমেণ্ট বিল) ২০২০, ‘দ্য আসাম টি প্লেণ্টেচন প্ৰভিডেণ্ট ফাণ্ড এণ্ড পেঞ্চন ফাণ্ড ডিপোজিট লিংকড ইঞ্চুৰেন্স ফাণ্ড স্কীম (এমেণ্ডমেণ্ট) বিল ২০২০ ,

‘দ্য আছাম ইজ অফ ডুয়িং বিজনেছ (এমেণ্ডমেণ্ট) বিল ২০২০ , ‘দ্য আছাম টেক্সেছন (লিকুউডেশ্যন অব এৰিয়াৰ দিউজ) (ছেকেণ্ড এমেণ্ডমেণ্ট) বিল ২০২০ উত্থাপন কৰিব। বিত্তমন্ত্ৰীয়ে ‘দ্য আছাম মাইক্ৰ ফাইনেন্স ইনষ্টিটিউশ্যনছ (ৰেগুলেশ্যন অন মানি লেণ্ডিং) বিলখনো উত্থাপন কৰিব সদনত।

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ টুইট

ইয়াৰ লগতে ‘মৰাণ, মটক, কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ (সংশোধন)বিধেয়ক আৰু ‘বড়ো কছাৰী ৱেলফেৱাৰ অটোনমাছ কাউন্সিল বিল ২০২০ বিল’ দাখিল কৰা হ’ব বিধানসভাত।

আৰম্ভণিৰ দিনাই বিৰোধীয়ে সদন স্থগিত প্ৰস্তাব ৰখাৰ পিছতেই তীব্ৰ হুলস্থুলৰ সৃষ্টি হয় | অধ্যক্ষই সভা স্থগিত কৰাতকৈ আলোচনাত অংশ লবলৈ জনাই |

মাদ্ৰাছা সমুহ বন্ধ কৰাৰ বাবে চৰকাৰে লোৱা সিদ্ধান্তৰ পিছত এই বিল খনো সদনত দাখিল কৰিব বুলি টুইটাৰ যোগে প্ৰকাশ কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,033 other subscribers

Leave a comment

Leave a Reply