গুৱাহাটী – অসম বিধান সভা নিৰ্বাচনলৈ মাজত মাতো কেইটামান দিন বাকী। ইতিমধ্যেই প্ৰতিটো দলেই প্ৰস্তুতি আৰম্ভ কৰিছে। কালি এনে পৰিপ্ৰেক্ষিততে অসম বিজেপিৰ নতুন প্ৰভাৰীৰ দায়িত্ব দিয়া হ’ল ভাৰতীয় জনতা পাৰ্টিৰ উপ সভাপতি বৈজয়ন্ত পাণ্ডাক৷

উল্লেখ্য যে উৰিষ্যাৰ পৰা ৪ বাৰৰ সাংসদ নিৰ্বাচিত হোৱা বৈজয়ন্ত পাণ্ডাই ৰাজনৈতিক জীৱন আৰম্ভ কৰিছিল বিজু জনতা দলৰ পৰা। অৱশ্যে ২০১৮ চনত দল বিৰোধী কাৰ্য্যকলাপ অভিযোগত দলৰ পৰা বহিষ্কাৰ হৈছিল আৰু ২০১৯ চনত বিজেপি যোগদান কৰিছিল৷

ইফালে পৱন শৰ্মাক দায়িত্ব দিয়া হৈছে অসমৰ সহঃপ্ৰভাৰীৰ ৷ আনহাতে ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা মঙলদৈৰ সাংসদ দিলীপ শইকীয়া ডাঙৰীয়াক দলৰ ৰাষ্ট্ৰীয় নেতৃত্বই ঝাৰখণ্ড আৰু অৰুণাচল প্ৰদেশৰ প্ৰভাৰীৰ দায়িত্ব প্ৰদান কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply