নিউজ ডেক্স:- সোমবাৰৰ পৰা তিনিদিনীয়াকৈ আৰম্ভ হৈছে অসম বিধান সভাৰ শীতকালীন অধিবেশন । তিনিদিনীয়াকৈ আৰম্ভ হোৱা বিধানসভাৰ অধিবেশনৰ প্ৰথম দিনটোতে প্ৰতিবাদত উত্তাল হৈ পৰে দিছপুৰ লাষ্টগেট । দিছপুৰ লাষ্টগেটত ৭টা সংগঠনে বিভিন্ন দাবী উত্থাপন কৰি প্ৰতিবাদ কৰে ।
টাই আহোম যুৱ পৰিষদ অসম( টাইপা)ই প্ৰতিবাদ সাব্যস্ত কৰে । জনজাতি কৰণ আৰু স্বায়ত্বশাসন প্ৰদানৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে টাইপাই । প্ৰতিবন্ধী সুৰক্ষা সন্থা অসম সংগঠনেও প্ৰতিবাদ সাব্যস্ত কৰে । চতুৰ্থ বৰ্গৰ পদসমূহ পুৰন কৰাৰ লগতে মহেকীয়া পেঞ্চনকে ধৰি আন আন দাবী সমূহ পুৰনৰ দাবীত প্ৰতিবাদত বহে প্ৰতিবন্ধী সকল।
আনহাতে দিছপুৰ লাষ্ট গেটত প্ৰতিবাদ সাব্যস্ত কৰে অংগনবাড়ী কৰ্মী আৰু সহায়িকা সকলে । চাকৰি নিয়মীয়া কৰাৰ দাবী উত্থাপন কৰাৰ লগতে কেইবাটাও দাবী লৈ কৰে প্ৰতিবাদী কাৰ্যসূচী । আশাকৰ্মী সকলেও মাহিলী দৰমহা বৃদ্ধিৰ দাবীত শীতকালীন অধিবেশনৰ প্ৰথম দিনাই কেইবাটাও দাবী লৈ সাব্যস্ত কৰে প্ৰতিবাদ।

মণিপুৰী স্বায়ত্ব শাসিত পৰিষদ গঠন কৰাৰ দাবীৰে মণিপুৰী জাতীয় পৰিষদে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে সদৌ অসম গৰীয়া মৰিয়া দেশী জাতীয় পৰিষদে উপগ্ৰহীয় স্বায়ত্ব শাসন প্ৰদানৰ দাবীৰে হাতে হাতে প্লেকাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে । কৃষক মুক্তি সমিতিৰ উদ্যোগত আৰু ভুক্ত ভোগী মহিলা সমাজৰ সহযোগত মাইত্ৰু ফাইনেন্স কোম্পানী সমূহে চলাই থকা অবাধ লুণ্ঠন বন্ধ কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰি প্ৰতিবাদ কৰে |