গুৱাহাটী – অহা ২৩ জানুৱাৰীত শিৱসাগৰ জিলাৰ ঐতিহাসিক জেৰেঙা পথাৰত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰিব এক বিশাল জনসভাত। অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণ অতিকৈ গুৰুত্বপূৰ্ণ যদিও অসম ভ্ৰমণৰ পুর্বে প্ৰধানমন্ত্ৰীলৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কেইবাটাও প্ৰশ্ন।

বৃহস্পতিবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই ৰাজীৱ ভৱনত এক সংবাদ মেল অনুষ্ঠিত কৰি প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ পুর্বে কেইবাটাও প্ৰশ্ন উত্থাপন কৰে। ৰিপুন বৰাই কয় প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক আমি আদৰণি জনাইছোঁ। ঐতিহাসিক জেৰেঙা পথাৰত সতী জয়মতীয়ে নিজৰ স্বামীক ৰক্ষা কৰাৰ লগতে অসমীয়া জাতিৰ স্বাভিমান বজাই ৰখাৰ বাবে নিজৰ প্ৰাণৰ আহুতি দিছিল। অসমীয়া জাতিৰ স্বাভিমান জড়িত হৈ থকা এই জেৰেঙা পথাৰত অসমক প্ৰতাৰণা কৰা এগৰাকী প্ৰধানমন্ত্ৰীক অসমীয়া ৰাইজে কেনেকৈ আদৰণি জনাব বুলি প্ৰশ্ন উত্থাপন কৰে ৰিপুন বৰাই।

ৰিপুন বৰাই প্ৰধানমন্ত্ৰীলৈ অসম ভ্ৰমণৰ পূৰ্বে মুঠ ২৪ টাকৈ প্ৰশ্ন কৰি প্ৰধানমন্ত্ৰীৰ পৰা এই প্ৰশ্ন সমূহৰ উত্তৰ বিচাৰে। ৰিপুন বৰাই প্ৰধানমন্ত্ৰীলৈ কৰা প্ৰশ্ন সমূহৰ ভিতৰত গুৰুত্বপূৰ্ণ প্ৰশ্ন সমূহৰ ভিতৰত আছে উত্তৰ-পূৰ্বাঞ্চলৰ ঔদ্যোগিক উন্নয়নৰ বাবে থকা ‘নৰ্থ ইষ্ট ইণ্ডাষ্ট্ৰিয়েল এণ্ড ইনভেষ্টমেণ্ট প্ৰমোছন পলিচী’ প্ৰত্যাহাৰ কৰি অসম দৰে এখন পিছপৰা ৰাজ্যক ঔদ্যোগিক ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত বাধা দিলে কিয় ?

২০১৪ চনৰ ১৬ মে’ৰ পিছত অসমত এজনো অবৈধ বাংলাদেশী নাথাকিব বুলি ঘোষণা কৰি অবৈধ বাংলাদেশী সকল টালি-টোপোলা বান্ধি অসম এৰিবলৈ সাজু হ’বলৈ কোৱাৰ পিছত বৰ্তমানলৈকে কেইজন অবৈধ বাংলাদেশী বিতাৰণ কৰা হ’ল? “কা” আনি বিদেশীৰ বোজা দিয়াৰহে ব্যৱস্থা কৰিলে কিয়? চাহ, কোচ, ৰাজবংশী, মৰাণ, মটক, চুতীয়া আৰু টাই আহোম জনগোষ্ঠীৰ জনজাতিকাৰণ কেতিয়া হ’ব? প্ৰতিশ্ৰুতি অনুসৰি গুৱাহাটী চহৰক স্মাৰ্ট চিটি হিচাপে গঢ়ি তোলা নহ’ল কিয়? ব্ৰহ্মপুত্ৰৰ ওপৰত যোৰহাট-মাজুলী সংযোগী দলং কেতিয়া হ’ব?

ৰিপুন বৰাই লগতে প্ৰধানমন্ত্ৰীক উদ্দেশ্যি প্ৰশ্ন কৰে যে ভাৰত-বাংলাদেশ সীমান্ত ছীলৰ কি হ’ল? প্রতিবছৰে গড়ে ১৭ হাজৰৰ পৰা ২০ হাজাৰ কোটি পৰ্যন্ত জি এছ টিৰ পৰা অসমক কিয় বঞ্চিত কৰিছে? অসমে কেইবাখনো অনুন্নত জিলাৰ বাবে কেন্দ্ৰৰ পৰা পাই অহা “অনুন্নত অঞ্চল উন্নয়নৰ পুঁজি”ৰ ধন কিয় বন্ধ কৰা হ’ল? জাতি-মাটি-ভেটি ৰক্ষাৰ শ্ল’গান দিয়া বিজেপি চৰকাৰে অসমৰ ২৭ খন তৈলক্ষেত্ৰ ব্যক্তিগত কোম্পানীৰ ওচৰত বিক্ৰী কৰিছে। লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ নামত থকা বিমান বন্দৰ, কামাখ্যা ৰে’ল ষ্টেচন ব্যক্তিগত কোম্পানীক গতাই দিছে বুলিও সংবাদ মেলত মন্তব্য প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীক তীব্ৰ সমালোচনা কৰে ৰিপুন বৰাই।

অহা ২৩ জানুৱাৰীত জেৰেঙা পথাৰৰ বিশাল জনসভাত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰায় ১ লাখ ভূমিহীন লোকক ভূমি পাট্টা প্ৰদানৰ আৰম্ভণি কৰিব। ৰিপুন বৰাই প্ৰধানমন্ত্ৰীৰ এই জনসভাত ধনৰ বিনিময়ত লোকৰ সমাগম কৰা হ’ব যদিও অসমৰ মানুহে প্ৰধানমন্ত্ৰীক অন্তৰৰ পৰা আদৰণি নজনায় বুলিও মন্তব্য কৰে। ৰিপুন বৰাই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ হৈ প্ৰধানমন্ত্ৰীক উদ্দেশ্যি কৰা প্ৰশ্ন কেইটাৰ উত্তৰ শিৱসাগৰৰ জেৰেঙা পথাৰত প্ৰধানমন্ত্ৰীৰ পৰা বিচাৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply