মেট্ৰিক পৰীক্ষাৰ সময়সূচী

গুৱাহাটী– অসম মাধ্য়মিক শিক্ষা পৰিষদে প্ৰকাশ কৰিলে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু অসম হাই মাদ্ৰাছাৰ পৰীক্ষাৰ সময়সূচী । অহা ১১ মে’ৰ পৰা আৰম্ভ হ’ব মেট্ৰিক পৰীক্ষা। উল্লেখ্য় যে কভিডৰ বাবে পিছুৱাই দিয়া হৈছিল মেট্ৰিক পৰীক্ষা। কৰোণা সংক্ৰমণৰ বাবে শ্ৰেণীসমূহ বন্ধ থকাত অনলাইন যোগেই শিক্ষাৰ্থী সকলৰ পাঠদান অনুষ্ঠিত হৈছিল। ফলত এইবাৰ পাঠ্য়ক্ৰম ৩০% হ্ৰাস কৰা হৈছে।

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সময়সূচী-

১১ মে’ত ইংৰাজী বিষয়ৰ পৰীক্ষা

১৩ মে’ত অসমীয়া বিষয়ৰ পৰীক্ষা

১৭ মে’ত গণিত বিষয়ৰ পৰীক্ষা

১৯ মে’ত মণিপুৰী, বড়ো আৰু চাওঁতালী

২১ মে’ত ঐচ্ছিক ইংৰাজী অথবা MIL

২৫ মে’ত সাধাৰণ বিজ্ঞান

২৯ মে’ত সমাজ বিজ্ঞান

৩১ মে’ত হিন্দী অথবা আৰবী ভাষা

১ জুনত সংস্কৃত, নেপালী, কম্পিউটাৰ বিজ্ঞান, বাংলা, গাৰ্হস্থ্য বিজ্ঞান

পুৱা ৯ বজাৰ পৰা ১২ বজালৈ অনুষ্ঠিত হ’ব পৰীক্ষাসমূহ

পুৱা ৯ বজাৰ পৰা ১২ বজালৈ অনুষ্ঠিত হ’ব পৰীক্ষাসমূহ।

ঐচ্ছিক বিষয়ৰ পৰীক্ষা ১.৩০ বজাৰ পৰা ৪.৩০ বজালৈ অনুষ্ঠিত হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply