গুৱাহাটী – এইবাৰ অসম মিঞা পৰিষদৰ নেতৃত্বত গঠন নতুন ৰাজনৈতিক দল। অসমমিঞা পৰিষদৰ লগতে ১৩ টাকৈ সংগঠনৰ উদ্যোগত গঠন হ’ল নতুন ৰাজনৈতিক দল। “জাতীয় দল অসম” নামেৰে গঠন কৰা হ’ল নতুন ৰাজনৈতিক দল।
আগন্তক ২০২১ বর্ষৰ বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যত ধুমুহা উঠিছে ৰাজনৈতিক দল গঠনৰ। কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ৭০ টাকৈ সংগঠনে নেতৃত্বত ‘ৰাইজৰ দল’, সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত ‘অসম জাতীয় পৰিষদ’ গঠন হোৱাৰ পিছত এইবাৰ অসম মিঞা পৰিষদৰ নেতৃত্বত ১৩ টাকৈ সংগঠনৰ উদ্যোগত গঠন হ’ল নতুন ৰাজনৈতিক দল।
আহোম ৰয়েল চ’চাইটীৰ সভাপতি কমলা ৰাজকোঁৱৰৰ অধ্যক্ষতাত গঠিত নতুন ৰাজনৈতিক দলটোৰ সমন্বয়ৰক্ষী সমিতিয়ে শনিবাৰে ঘোষণা কৰে এই নতুন ৰাজনৈতিক দলটোৰ নাম।
অসমৰ খিলঞ্জীয়াৰ স্বাৰ্থত গঠিত “জাতীয় দল অসম” দলটোৱে আগন্তক ২০২১ বর্ষৰ বিধানসভা নিৰ্বাচনত ৰাষ্ট্ৰীয় দল সমূহৰ লগতে এআইইউডিএফক অসমৰ ভূমিৰ পৰা উৎখাত কৰাৰ উদ্দেশ্যে ৰাজ্যৰ সকলো আঞ্চলিকতাবাদী ৰাজনৈতিক দল সমূহক ঐক্যবদ্ধ হোৱাৰ আহ্বান জনায় নৱগঠিত ৰাজনৈতিক দলটোৱে।
শনিবাৰে মহানগৰীৰ অসম সাহিত্য সভাৰ জয়ন্ত কুমাৰ বৰুৱা লখিমী বৰুৱা সদনত নতুন ৰাজনৈতিক দলটোৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয়। জ্যেষ্ঠ সাংবাদিক বৈকুণ্ঠনাথ গোস্বামীয়ে আনুষ্ঠানিকভাৱে ৰাজনৈতিক দলটোৰ নাম ঘোষণা কৰে।