অসম লোকসেৱা আয়োগৰ ২০১৮ বৰ্ষৰ ফলাফল

গুৱাহাটী:- ন্যায়ালয়ৰ বাধাৰ বাবেই বন্ধ ৰখা অসম লোকসেৱা আয়োগে বৃহস্পতিবাৰে ২০১৮ বৰ্ষৰ অসম লোকসেৱা পৰীক্ষাৰ চূড়ান্ত ফলাফল সমূহ ঘোষণা কৰে।

ঘোষিত ফলাফল অনুসৰি অসম অসামৰিক সেৱাত কংকন জ্যোতি শইকীয়াই প্ৰথম স্থান অধিকাৰ কৰে। আনহাতে ৰাজহ সেৱাত দেৱাংগন শৰ্মাই প্ৰথম স্থান অধিকাৰ কৰে। ইপিনে, অসম আৰক্ষী সেৱা(জুনিয়ৰ কেডাৰ)ৰ ঘোষণা কৰা আঠটা পদৰ ভিতৰত নিলোৎপল শইকীয়াই প্ৰথম স্থান লাভ কৰে।

অসম অসামৰিক সেৱা(জুনিয়ৰ কেডাৰ)ৰ ১৩৮ টা আৰু, ৰাজহ সেৱাৰ (জুনিয়ন গ্ৰেডৰ)ৰ ৫৬ টা পদৰ ফলাফল ঘোষণা কৰা হয়।

কৰ অধীক্ষকৰ ১০ টা পদৰ ভিতৰত বিপুল মেধিয়ে প্ৰথম স্থান লাভ কৰাৰ বিপৰীতে আবকাৰী অধীক্ষকৰ এটা পদ আৰু এছিটেণ্ট এম্পইমেণ্ট অফিচাৰৰ দুটা পদৰ ফলাফল ঘোষণা কৰে।

অসম লোকসেৱা আয়োগৰ বিভিন্ন জুনিয়ৰ গ্ৰেড বিষয়াৰ বাবে অনুষ্ঠিত ২০১৮ বৰ্ষৰ অনুষ্ঠিত যৌথ প্ৰতিযোগিতামূলক মূল পৰীক্ষাৰ ফলাফল ১২ অক্টোবৰত ঘোষণা কৰা হৈছিল।

গুৱাহাটী উচ্চ ন্যয়ালয়ত উক্ত পৰীক্ষা সম্পৰ্কীয় এক গোচৰ চলি থকাৰ বাবে ২০১৮ বৰ্ষৰ মূল পৰীক্ষাৰ ফলাফল আয়োগে ঘোষণা কৰা নাছিল। আদালতত গোচৰটোৰ ৰায়দানৰ পিছত এই পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হয় |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply