অসম সন্তান বিশ্বজিৎ বৰা

গুৱাহাটী– পুনৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল অসমীয়া ছবি। ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত নুৰুল চুলতানৰ দ্বাৰা প্ৰযোজিত আৰু বিশ্বজিৎ বৰাৰ দ্বাৰা পৰিচালিত “বেলকনিত ভগৱান ” নামৰ চিনেমাখনে ‘২৬তম কলকাতা আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত’ ত শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰে। এই কথাছবিৰে জৰিয়তে ‘শ্ৰেষ্ঠ পৰিচালক’ৰ ‘ ‘গ’ল্ডেন ৰয়েল বেংগল টাইগাৰ’ বঁটা আজুৰি আনিবলৈ সক্ষম হ’ল অসম সন্তান বিশ্বজিৎ বৰাই।এই খবৰে অসমীয়া চলচ্চিত্ৰ ক্ষেত্ৰলৈ সুখৰ জোৱাৰ কঢ়িয়াই আনিছে।

বেলকনিত ভগৱান

যোৱা ৮ জানুৱাৰীৰ পৰা ১৫ জানুৱাৰীলৈ অনুষ্ঠিত হৈছিল এই মহোৎসৱ। এই মহোৎসৱত দেশ-বিদেশৰ ১৮৩খন চলচ্চিত্ৰ প্ৰদৰ্শিত হয়। ‘বেলকনিত ভগৱান’ নামৰ এই চলচ্চিত্ৰ খনে ইতিমধ্যে ২৫সংখ্যক কেৰেলা আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ ”ইণ্ডিয়ান চিনেমা নাও” প্ৰতিযোগিতাৰ বাবেও আমন্ত্ৰিত হৈছে। অহা ১০ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈ ৫ মাৰ্চলৈকে অনুষ্ঠিত হ’ব এই মহোৎসৱ। ১৬জানুৱাৰীৰ পৰা আৰম্ভ হোৱা ১৯ সংখ্যক ঢাকা আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱতো প্ৰদৰ্শিত হ’ব এই চলচ্চিত্ৰখন।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply